বটদ্ৰৱা, ১৪ জুলাই:"পৃথিৱীখন জীয়াই থাকিবলৈ হ'লে গছ ৰুব লাগিব । সন্তান জন্ম দিলেই নহ'ব তাক মানুহৰূপে গঢ়ি তুলিব লাগিব । ঠিক সেইদৰে গছপুলি ৰুলেই নহ'ব তাক প্ৰতিপালন কৰিব লাগিব।" বটদ্ৰৱাৰ কাকমাৰিত বিধায়িকা আঙুৰলতা ডেকাই ৰাজপথত গছপুলি ৰোপণ কৰি এই মন্তব্য কৰে ।
বন মহোৎসৱত বিধায়িকা আঙুৰলতা ডেকা - etv bharat assam
দেওবাৰে নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ দুয়োকাষে বিধায়িকা আঙুৰলতা ডেকাৰ লগতে কাকমাৰি পঞ্চায়তৰ বহু পুৰুষ-মহিলাই ৭০০ৰো অধিক গছপুলি ৰোপণ কৰে ।
বটদ্ৰৱাৰ কাকমাৰিত বিধায়িকা আঙুৰলতা ডেকাই ৰাজপথত ৰোপণ কৰিলে গছ পুলি
দেওবাৰে নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ দুয়োকাষে বিধায়িকা আঙুৰলতা ডেকাৰ লগতে কাকমাৰি পঞ্চায়তৰ বহু পুৰুষ-মহিলাই ৭০০ৰো অধিক গছপুলি ৰোপণ কৰে । বন মহোৎসৱৰ লগত সংগতি ৰাখি নগাঁও বন সংমণ্ডলৰ উদ্যোগত কাকমাৰি গাঁও পঞ্চায়তৰ সহযোগত বিধায়িকা আঙুৰলতা ডেকাই এই কাৰ্যসূচী ৰূপায়ণ কৰে ।