অসম

assam

ETV Bharat / state

NRC ৰ আপত্তিৰ সন্দৰ্ভত সৰৱ বিধায়ক আমিনুল ইছলাম - অসম

ভূৱা আপত্তিৰে প্ৰকৃত ভাৰতীয় লোকক হাৰাশাস্তি কৰিছে একাংশ দুষ্ট চক্ৰই ৷ কণ কণ শিশু , ছাত্ৰ ছাত্ৰীৰ লগতে দলীয় কৰ্মীসকলক লগত লৈ ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে ধৰ্মঘটত বহিল বিধায়কগৰাকী ৷

NRC ৰ আপত্তিৰ সন্দৰ্ভত সৰৱ বিধায়ক আমিনুল ইছলাম

By

Published : May 10, 2019, 5:53 PM IST

বটদ্ৰৱা, 10 মে' : ভূৱা আপত্তিৰে প্ৰকৃত ভাৰতীয় লোকক হাৰাশাস্তি কৰিছে একাংশ দুষ্ট চক্ৰই ৷ অন্যায়ভাৱে দুখীয়া মানুহক হাৰাশাস্তি কৰাটো আমি মানি ল'ব নোৱাৰো ৷ আপত্তিকাৰীয়ে নিজে উপস্থিত থাকি তথ্যসহ প্ৰমাণ কৰিব লাগিব ৷ এনেদৰেই শুকুৰবাৰে NRC ৰ আপত্তিৰ সন্দৰ্ভত সৰৱ হ'ল ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ৷ ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে কণ কণ শিশু , ছাত্ৰ ছাত্ৰীৰ লগতে দলীয় কৰ্মীসকলক লগত লৈ ধৰ্ম ঘটত বহিল বিধায়কগৰাকী । ভূৱা আপত্তিৰে একাংশ দুষ্ট চক্ৰই প্ৰকৃত ভাৰতীয় লোকক হাৰাশাস্তি কৰিছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ লগতে NRCৰ ভূৱা আপত্তিত একাংশ জাতীয় সংগঠন,ৰাজনৈতিক দলৰ লগতে NRC ৰ বিষয়া কৰ্মচাৰী জড়িত আছে বুলি সমালোচনা কৰে বিধায়কগৰাকীয়ে ৷

NRC ৰ আপত্তিৰ সন্দৰ্ভত সৰৱ বিধায়ক আমিনুল ইছলাম

ABOUT THE AUTHOR

...view details