অসম

assam

ETV Bharat / state

নিজকে জেহাদী আখ্যা দিলে বিধায়ক আমিনুল ইছলামে - Internet ban during exam in Assam

বিধায়ক আমিনুল ইছলাম জেহাদী ! কিয় ক’লে আমিনুল ইছলামে নিজেই? জেহাদী সন্দৰ্ভত কি মন্তব্য বিধায়ক আমিনুল ইছলামৰ (MLA Aminul Islam on Jihadi)। নগাঁৱত অনুষ্ঠিত জমিয়ত উলামা ঈ হিন্দৰ সদ্ভাৱনা সংসদত অংশগ্ৰহণ কৰি বহুকেইটা মন্তব্য কৰিলে বিধায়ক আমিনুল ইছলামে ।

MLA Aminul Islam on Jihadi
নিজকে জেহাদী আখ্যা দিলে বিধায়ক আমিনুল ইছলামে

By

Published : Aug 28, 2022, 5:13 PM IST

নগাঁও, 28 আগষ্ট: আমিনুল ইছলাম জেহাদী ! এয়া অৱশ্যে আন কোনো লোকৰ অভিযোগ নহয় । স্বয়ং আমিনুল ইছলামে নিজেই কৰিলে এই মন্তব্য । দেওবাৰে নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা জমিয়ত উলামা-ঈ-হিন্দৰ(Jamiat Ulama I Hind) সদ্ভাৱনা সংসদত অংশগ্ৰহণ কৰি জেহাদী সন্দৰ্ভত মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে (MLA Aminul Islam on Jihadi)।

নিজকে জেহাদী আখ্যা দিলে বিধায়ক আমিনুল ইছলামে

আমিনুল ইছলামৰ মতে অন্যায় অবিচাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰাটোৱেই প্ৰকৃত অৰ্থত জেহাদ । কিন্তু সন্ত্ৰাসবাদমূলক কাৰ্যকলাপত জড়িতসকল সন্ত্ৰসবাদী । কিন্তু সন্ত্ৰাসবাদমূলক কাৰ্যৰ বিৰুদ্ধে অৱস্থান কৰাসকলহে জেহাদী । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাসকল সন্ত্ৰাসবাদমূলক কাৰ্যকলাপতহে জড়িত থাকিব পাৰে কিন্তু তেওঁলোক জেহাদী নহয় ।

সৰ্বভাৰতীয় জমিয়ত উলামা-ঈ-হিন্দৰ নিৰ্দেশ অনুযায়ী সমাজৰ শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে দেশৰ অন্যান্য জিলাৰ লগতে নগাঁৱতো আয়োজন কৰা হৈছে জমিয়ত উলামা-ঈ-হিন্দৰ সদ্ভাৱনা সংসদ । সমাজত অশান্তি বিয়পোৱাসকলৰ বিৰুদ্ধে সকলোকে একগোট হ’বলৈও আহ্বান জনায় বিধায়ক আমিনুল ইছলামে (MLA Aminul Islam) ।

ইপিনে নিযুক্তি পৰীক্ষাৰ নামত চৰকাৰে ইণ্টাৰনেট কৰ্তন কৰা সন্দৰ্ভতো মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে । পৰীক্ষাৰ নামত ইণ্টাৰনেট কৰ্তন কৰি(Internet ban during exam in Assam) চৰকাৰে সাধাৰণ লোকক হাৰাশাস্তি কৰা বুলিও অভিযোগ কৰিছে এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামে ।

নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত(Khagen Mahanta Auditorium Nagaon) নগাঁও জিলা জমিয়তৰ উদ্যোগত অনুষ্ঠিত জমিয়ত উলামা-ঈ-হিন্দৰ সদ্ভাৱনা অনুষ্ঠানত বিধায়ক আমিনুল ইছলামৰ উপৰিও লেখিকা শিখা শৰ্মা, জমিয়ত নেতা নুৰুল অমিন চৌধুৰী, আব্দুল মজিদ ফাৰুকিকে প্ৰমুখ কৰি বহুকেইজন জমিয়ত নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:নগাঁৱত জেহাদীকে ধৰি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য পীযুষ হাজৰিকাৰ

ABOUT THE AUTHOR

...view details