নগাঁও,18 এপ্ৰিলঃ দ্বিতীয় দিনাও নাকচ হ’ল বিধায়ক আমিনুল ইছলামৰ জামিন আবেদন ৷ সাম্প্ৰদায়িক আৰু উচটনিমূলক মন্তব্য কৰাৰ বাবেই চি আই ডিত ৰুজু কৰা হৈছিল গোচৰ ৷ আনহাতে,নগাঁও জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিধায়ক আমিনুল ইছলামৰ হৈ জ্যেষ্ঠ অধিবক্তা আবুল হাচেম খণ্ডকাৰে জামিন আবেদন কৰিছিল ৷
দ্বিতীয় দিনাও নাকচ বিধায়ক আমিনুল ইছলামৰ জামিন আবেদন - আমিনুল ইছলাম
সম্প্ৰতি কাৰাগাৰতে ১৪ দিনৰ কোৱাৰেণ্টাইনত ৰখা হৈছে বিধায়ক আমিনুল ইছলামক ৷ ইয়াৰ উপৰিও বিধায়কগৰাকীৰ বিৰুদ্ধে চি আই ডিত ০৫/২০ নম্বৰত ১২০ বি,১৫৩-এ,২৯৫ এ ৫০৫ ধাৰাৰ অধীনত ৰুজু হৈছে আন এটা গোচৰ ।
![দ্বিতীয় দিনাও নাকচ বিধায়ক আমিনুল ইছলামৰ জামিন আবেদন MLA Aminul Islam bail petition has been rejected for second time](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6843030-thumbnail-3x2-n.jpg)
দ্বিতীয় দিনাও নাকচ বিধায়ক আমিনুল ইছলামৰ জামিন আবেদন
সম্প্ৰতি কাৰাগাৰতে ১৪ দিনৰ কোৱাৰেণ্টাইনত ৰখা হৈছে বিধায়ক আমিনুল ইছলামক ৷ ইয়াৰ উপৰিও বিধায়কগৰাকীৰ বিৰুদ্ধে চি আই ডি ত ০৫/২০ নম্বৰত ১২০ বি,১৫৩-এ , ২৯৫ এ ৫০৫ ধাৰাৰ অধীনত ৰুজু হৈছে আন এটা গোচৰ। নগাঁও জিলা মুখ্য ন্যায়িক দণ্ডাধীশে বিধায়ক গৰাকীক গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ বাবে তেখেত শাৰিৰীকভাৱে সুস্থ হয় নে নহয় সেই বিষয়ে কাৰাগাৰ কৰ্তৃপক্ষক এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
দ্বিতীয় দিনাও নাকচ বিধায়ক আমিনুল ইছলামৰ জামিন আবেদন
লগতে পঢ়ক-দৰমহাক লৈ গভীৰ সংকটত ৰাজ্যিক কৰ্মচাৰী