নগাঁও, ৮ ফেব্ৰুৱাৰীঃ নগাঁৱৰ পৰা সন্ধানহীন জুৰীয়াৰ যুৱকক বিচাৰি কলঙত অব্যাহত এছ ডি আৰ এফ এন ডি আৰ এফৰ অভিযান। যুৱকজন নিৰুদ্দেশ হোৱাৰ পিচত পৰিয়ালৰ লোকে উঠাইছে বহু অভিযোগ । প্ৰেমজনিত কাৰণত যুৱক জনৰ মৃত্যুৰ সন্দেহ পৰিয়ালৰ লোকৰ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল জুৰীয়াৰ কালিয়াডিঙা গাঁৱৰ যুৱক আব্দুল ছাদিক । বছৰদিনৰ পৰা আব্দুল ছাদিক প্ৰেমত পৰিছিল স্ৱামীহীনা এগৰাকী মহিলাৰ আৰু এই প্ৰেমে কাল হ'ল আব্দুলৰ ।
জুৰীয়াত সন্ধানহীন যুৱক - জুৰীয়াত সন্ধানহীন যুৱক
প্ৰেমজনিত কাৰণত মৃত্যুৰ সন্দেহ পৰিয়ালৰ লোকৰ
প্ৰেমত হাবু-ডাবু খোৱা আব্দুল বুধবাৰে সন্ধিয়া প্ৰেয়সীক সাক্ষাৎ কৰাৰ পিচৰে পৰা সন্ধানহীন থকা বুলি জনাই পৰিয়ালৰ লোকে। যুৱকজনৰ নিৰুদ্দেশক লৈ পৰিয়ালৰ লোকে নগাওঁ সদৰ থানাত এজাহাৰ দাখিল কৰাৰ সমান্তৰালকৈ আনহাতে মহিলাগৰাকীয়েও অৱগত কৰে আৰক্ষীক । আৰক্ষীৰ অনুসন্ধানত যুৱক জনৰ এজোৰ জোতা মৰঙিলয়ালৰ কলঙৰ পাৰত উদ্ধাৰ হয় ফলত যুৱক জনক পৰিকল্পিত হত্যা কৰাৰ সন্দেহ কৰে পৰিয়ালৰ লোকে।
আনহাতে উক্ত মহিলা গৰাকীৰ স'তে প্ৰেমৰ সম্পৰ্ক থকাৰ লগতে হত্যাৰ অভিযোগ পৰিয়ালৰ লোকৰ। এই ঘটনাই উত্তপ্ত কৰি তোলে সমগ্ৰ পৰিৱেশ । জুৰিয়াৰ লোকে মহিলা গৰাকীৰ বাসগৃহৰ ওপৰত আক্ৰমণ চলোৱাৰ লগতে এখন বাহনতো অগ্নিসংযোগ কৰে ৰাইজে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ কৰিছে সমগ্ৰ অঞ্চলত।