চামগুৰি,31 জানুৱাৰী :২২ জানুৱাৰীৰ পৰা সন্ধানহীন চামগুৰিৰ কণুৱামাৰী গাঁৱৰ মানসিকভাৱে বিকাৰগ্ৰস্ত এজন যুৱক । চামগুৰিৰ সন্ধানহীন যুৱকজন হৈছে সুৰজ জামান ।
প্ৰাপ্ত তথ্য অনুসৰি, সন্ধানহীন যুৱকজনে পিতৃ উচমান আলিৰ লগত ২২ জানুৱাৰীত তেজপুৰস্থিত মানসিক চিকিৎসালয়লৈ গৈছিল । চিকিৎসালয়ত সমীপতে আছে ওচমান আলিৰ আত্মীয় ঘৰ ৷ সেয়ে ২২ জানুৱাৰীৰ নিশা পিতৃ উচমান আলি আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকজন আত্মীয়ৰ ঘৰতে আছিল ৷ নিশা প্ৰায় ২ বজাত পিতৃক লগত লৈ প্ৰসাৱ কৰাৰ চলেৰে বাহিৰলৈ গৈছিল ৷ তাৰ পাছতেই মানসিকভাৱে বিকাৰগ্ৰস্ত সুৰজ পিতৃৰ সন্মুখৰ পৰাই পলাই পত্ৰং দিয়ে ৷ তেতিয়াৰে পৰাই সুৰজ জামানৰ কোনো শুং-সূত্ৰ লাভ কৰা নাই পৰিয়ালৰ লোকে ।