অসম

assam

ETV Bharat / state

13 বছৰৰ পাচত ঘৰলৈ উভতি আহিল অতুল

মানসিক ভাৱে বিকাৰগ্ৰস্ত অতুল 13 বছৰ পূৰ্বে কামপুৰ মনোহৰ গাঁৱৰ পৰা সন্ধানহীন হৈছিল ৷

By

Published : Apr 30, 2019, 1:22 PM IST

13 বছৰৰ পাচত ঘৰলৈ উভতি আহিল নগাঁৱৰ পৰা নিৰুদ্দেশ হোৱা এজন লোক


বঢ়মপুৰ, 30 এপ্ৰিল :অতুল, বিগত তেৰটা বছৰে সন্ধান নথকা এজন যুৱক । কিন্তু হঠাৎ অতুল আহি ওলাল নগাঁৱৰ কামপুৰৰ আপোন ঘৰখনত । আৰু এতিয়া অতুলক লৈ উৎসাহ আৰু উৎসুকতাৰ শেষ নাই ঘৰখনখনৰ লগতে চুবুৰীয়া সকলৰো ।

13 বছৰৰ পাচত ঘৰলৈ উভতি আহিল নগাঁৱৰ পৰা নিৰুদ্দেশ হোৱা এজন লোক

সন্ধানহীন হোৱা সময়ত মানসিক ভাৱে বিকাৰগ্ৰস্ত আছিল অতুল ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি প্ৰথম অৱস্থাত তেওঁলোকে অতুলৰ কোনো সন্ধান পোৱা নাছিল ৷ কিন্তু পাঁচ বছৰৰ পাচত অতুল হাজৰিকাৰ এখন চিঠি পাইছিল হাজৰিকাৰ পত্নীয়ে ৷ আৰু নিজৰ স্বামী জীৱিত থকাৰ খবৰ পাই শিৰত সেন্দুৰ লৈ পত্নীয়ে জীবন নিৰ্বাহ কৰিছিল বুলি জনায় ৷

13 বছৰৰ পাচত ঘৰলৈ উভতি আহিল নগাঁৱৰ পৰা নিৰুদ্দেশ হোৱা এজন লোক
13 বছৰৰ পাচত ঘৰলৈ উভতি আহিল নগাঁৱৰ পৰা নিৰুদ্দেশ হোৱা এজন লোক

13 বছৰ পূৰ্বে সুৰটৰ মানৱ সেৱা সংস্থা নামৰ এটা সংস্থাই অতুলক পথৰ কাষত অসুস্থ অৱস্থাত পাই চিকিৎসাৰ ব্যৱস্থা কৰিছিল ৷ ইপিনে অসুস্থ অতুল হাজৰিকাই ঘৰৰ ঠিকনাও পাহৰি পেলাইছিল ৷ দীৰ্ঘদিনৰ চিকিৎসাৰ অন্তত কেইমাহমান পূৰ্বে তেওঁ সংস্থাটোৰ সদস্যৰ আগত নিজৰ ঘৰৰ ঠিকনাৰ বিষয়ে অৱগত কৰে ৷ আৰু তাৰ পাচতে সুৰটৰ মানৱ সেৱা সংস্থাটোৱে অতুল হাজৰিকাক মোম্বাইৰ স্বৰ্ধা ৰি-হেবিলিটিচন ফাউণ্ডেচন নামৰ আন এটা সংস্থাক গতাই দিয়ে ৷ সোমবাৰে সংস্থাটোৰ এজন সদস্যই অতুল দিয়া ঠিকনাৰ ভিত্তিত নিশা সন্ধানহীন হোৱা অতুল হাজৰিকাক পৰিয়ালৰ হাতত গতাই দিয়ে ৷ ইপিনে আপোন মানুহজনক কাষতে পায় আনন্দত আত্মহাৰা হৈ পৰিছে তেওঁৰ পত্নী-পুত্ৰৰ লগতে গাঁওবাসী ৷ বৰ্তমান অতুল হাজৰিকা বহু পৰিমানে সুস্থ যদিও চিকিৎসা চলাই থকা বুলি জনায় স্বৰ্ধা ৰি হেবিলিটিচন ফাউণ্ডেচনৰ সদস্য জনে ৷ ইপিনে সন্ধানহীন হোৱা অতুল হাজৰিকাক সু স্বাস্থ্যৰে পৰিয়ালক পুনৰ ঘূৰাই দিয়াৰ বাবে মোম্বাইৰ পৰা অহা সদস্য জনক গাঁৱবাসীয়ে ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে৷

ABOUT THE AUTHOR

...view details