অসম

assam

By

Published : Jan 4, 2021, 3:32 PM IST

ETV Bharat / state

কলিয়াবৰত মিছ কলেৰে অগপ দলত সদস্য ভৰ্তি অভিযান

সোমবাৰে কলিয়াবৰত আৰম্ভ হোৱা এই অভিযানত যুৱ-প্ৰজন্মৰ বহুকেইজন যুৱক-যুৱতীয়ে মিছ কলেৰে অগপত যোগদান কৰে ৷ সামাজিক মাধ্যমৰ জৰিয়তে যুৱ-প্ৰজন্মৰ মাজত জাতীয়তাবাদী দলটোক জনপ্ৰিয় কৰাৰ লক্ষ্য বান্ধি লৈ সুস্থ বাৰ্তাৰে ৰাইজৰ কাষ চপাৰ আশা প্ৰকাশ কৰিছে মহন্তই ৷

miss-call-membership-mission-of-agp-started-at-kaliabar
কলিয়াবৰত মিছ কলেৰে অগপ দলত সদস্য ভৰ্তি অভিযান মুকলি

কলিয়াবৰ,4 জানুৱাৰী: 2021ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমুহৰ মাজত দেখা পোৱা গৈছে ব্যাপক নিৰ্বাচনী তৎপৰতা ৷ সমান্তৰালকৈ ন-উদ্যমেৰে বিশেষ ভাৱে তৎপৰতা বৃদ্ধি পাইছে অসম গণ পৰিষদ দলৰ ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন সমষ্টিত জাতীয় ঐক্য সমাৰোহ আৰু ৰাজনৈতিক সভাৰ জৰিয়তে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা অসম গণ পৰিষদে এই বৰ্ষত তথ্য-প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে জনসাধাৰণৰ কাষ চপাৰ সিদ্ধান্ত লৈছে ৷ সেই উদ্দেশ্যে দেওবাৰে টিয়কত আনুষ্ঠানিকভাবে'মিছ কল'ৰ জৰিয়তে দলটোৰ সদস্য ভৰ্তি অভিযান আৰম্ভ হোৱাৰ পিচত সোমবাৰে কলিয়াবৰত এই অভিযান আৰম্ভ কৰে অগপ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মণিমাধৱ মহন্তই ৷ অনুষ্ঠানত যুৱ-প্ৰজন্মৰ বহুকেইজন যুৱক-যুৱতীয়ে মিছ কলেৰে পয়ত্ৰিশ বছৰ অতিক্ৰম কৰা অসমৰ ৰাজনীতিৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল অগপত যোগদান কৰে ৷

কলিয়াবৰত মিছ কলেৰে অগপ দলত সদস্য ভৰ্তি অভিযান মুকলি

আনহাতে তথ্য-প্ৰযুক্তিৰ জৰিয়তে দলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ইতিমধ্যে এক সংস্থাৰ লগত চুক্তিবদ্ধ হোৱা বুলি জনাইছে দলৰ সাংগঠনিক সম্পাদক তথা তথ্য-প্ৰযুক্তি কোষৰ দায়িত্ববাহী যুৱ নেতা মণিমাধৱ মহন্তই ৷ বিশেষকৈ সামাজিক মাধ্যমৰ জৰিয়তে যুৱ-প্ৰজন্মৰ মাজত জাতীয়তাবাদী দলটোক জনপ্ৰিয় কৰাৰ লক্ষ্য বান্ধি লৈ সুস্থ বাৰ্তাৰে ৰাইজৰ কাষ চপাৰ আশা প্ৰকাশ কৰিছে মহন্তই ৷ অলপতে গুৱাহাটীত অনুষ্ঠিত তথ্য-প্ৰযুক্তি কৰ্মশালাত এক ম'বাইল এপ মুকলি কৰিছিল অসম গণ পৰিষদ দলে ৷

লগতে পঢ়কঃৰঙাপৰাত প্ৰশাসনৰ উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details