নগাঁও, 27 জুন :ৰাজ্যত পুনৰ সংঘটিত হ’ল গুলীচলনা ৷ তথ্য অনুসৰি,সোমবাৰে নিশা নগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । দুৰ্বৃত্তৰ গুলীত আহত হয় নগাঁৱৰ সোনাইঘাট চলচলীৰ জন ঔষধী কেন্দ্ৰৰ স্বত্বাধিকাৰী হাফিজুৰ ৰহমান নামৰ ব্যক্তিজন । নিশা নিজৰ ‘জন ঔষধী কেন্দ্ৰ’ৰ তলা বন্ধ কৰাৰ সময়তে এখন ৰঙা ৰঙৰ পালছাৰ বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ এটা দলে গুলীচালনা কৰে ।
দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত হয় জন ঔষধী কেন্দ্ৰটোৰ স্বত্বাধিকাৰী হাফিজুৰ ৰহমান । লগে লগে সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ । পিঠিত গুলীবিদ্ধ হাফিজুৰক জন ঔষধী কেন্দ্ৰৰ কৰ্মচাৰীৰ লগতে স্থানীয় লোকে উদ্ধাৰ কৰি প্ৰথমে নগাঁৱৰ ধিং গেইটৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰায় ৷
পৰৱৰ্তী সময়ত গুলীবিদ্ধ হাফিজুৰ অৱস্থা কিছু সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় গুৱাহাটীলৈ । ইফালে গুলীচালনাৰ ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰা দুৰ্বৃত্তক আহত হাফিজুৰ ৰহমানে চিনাক্ত কৰা বুলি জানিব পৰা গৈছে ।