অসম

assam

ETV Bharat / state

হিন্দী স্কুলত নিযুক্তিৰ নামত কোটি কোটি টকা লুণ্ঠনৰাজ ! - nagaon police

নিযুক্তি দিয়াৰ প্ৰলোভন দেখুৱাই কেইবা কোটি টকা লুণ্ঠন সংঘটিত গুৰুতৰ অভিযোগ উত্থাপিত হৈছে নগাঁও জিলাৰ ৰূপহীহাটত । নগাঁও জিলাৰ কামপুৰত "নগাঁও হিন্দী দৰ্পণ পত্ৰিকা" নামেৰে এটা কাৰ্যালয় স্থাপন কৰি এটা দুষ্ট চক্ৰই চলাইছিল এই লুন্ঠনৰাজ ৷

miscreants looted Crores of rupees in nagaon rupohihat
হিন্দী স্কুলত নিযুক্তি দিয়াৰ নামত কোটি কোটি টকা লুন্ঠনৰাজ

By

Published : Aug 1, 2021, 8:01 AM IST

ৰূপহীহাট, 31 জুলাই :ৰাষ্ট্ৰ ভাষা প্ৰচাৰ সমিতি ৱাৰ্ধাৰ অধীনত নিযুক্তি দিয়াৰ প্ৰলোভন দেখুৱাই কেইবা কোটি টকা লুন্ঠন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে নগাঁও জিলাৰ ৰূপহীহাটত । নগাঁও জিলাৰ কামপুৰত "নগাঁও হিন্দী দৰ্পণ পত্ৰিকা" নামেৰে এটা কাৰ্যালয় স্থাপন কৰি এটা দুষ্ট চক্ৰই চলাইছিল এই লুন্ঠনৰাজ ৷ অভিযোগ অনুসৰি ৰাজ্যৰ প্ৰায় দহখন জিলাৰ বিভিন্ন স্থানত হিন্দী স্কুল স্থাপন কৰি বিভিন্ন পদবীত তথা কাৰ্যালয়ৰ কাম-কাজ পৰিচালনাৰ বাবে বিভিন্ন পদত নিযুক্তিৰ নামত শ শ নিবনুৱা যুৱক-যুৱতীৰ পৰা security moneyৰ নামত কোটি কোটি টকা লুন্ঠন প্ৰৱঞ্চকৰ দলটোৰ । নিযুক্তিৰ নামত প্ৰায় ২৫৬ গৰাকীৰ নিবনুৱা যুৱক-যুৱতীৰ প্ৰত্যেকৰ পৰা ৫০ হাজাৰৰ পৰা ৭০ হাজাৰ টকা পৰ্যন্ত security money লৈছিল প্ৰৱঞ্চক দলটোৱে ।

প্ৰতি মাহে তিনিৰ পৰা দহ হেজাৰ টকা পৰ্যন্ত দৰমহাৰ আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল প্ৰৱঞ্চক দলটোৱে । ঠগ-প্ৰৱঞ্চনাৰে ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উঠিছে বিপ্লৱ মণ্ডল, মহচিনা খাতুন ফৰাজী আৰু মৌচুমী হাজৰিকা নামৰ তিনিগৰাকী প্ৰৱঞ্চকৰ বিৰুদ্ধে । শেহতীয়াকৈ ভুত্তভোগী সকলে অভিযোগ কৰাত প্ৰৱঞ্চকৰ দলটোৰ সদস্য তিনিজনে নিবনুৱা যুৱক-যুৱতী সকলৰ সমূদায় ধন ঘূৰাই দিবলৈ মান্তি হয় ৷

হিন্দী স্কুলত নিযুক্তি দিয়াৰ নামত কোটি কোটি টকা লুন্ঠনৰাজ

কিন্তু ইয়াৰে কিছু দিনৰ পাছতে অৰ্থাত ২১ মে'ত ২০২১ ত বিপ্লৱ মণ্ডলৰ ৰে'লে কটা মৃতদেহ উদ্ধাৰ হয় । বিপ্লৱ মণ্ডলৰ মৃত্যুৰ পাছত প্ৰৱঞ্চকৰ দলটোৰ আন দুজন সদস্য মৌচুমী হাজৰিকা আৰু মহছিনা খাতুন ফৰাজীয়ে বিপ্লৱ মণ্ডলে আত্মহত্যা কৰিছে বুলি কৈ কোটি কোটি টকাৰ আত্মসাতৰ সকলো দোষ বিপ্লৱৰ ওপৰতে জাপি দিয়ে ।

এই ক্ষেত্ৰত ইতিমধ্যে নগাঁও আৰক্ষী অধীক্ষকৰো কাষ চাপিছে ভুক্তভোগী যুৱক-যুৱতীসকলে । লগতে ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ । সম্প্ৰতি ৰূপহীহাটৰ জুৰীয়াত উক্ত কেলেংকাৰীৰ তথ্য উদঙাই সংবাদ মাধ্যম যোগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তদন্তৰ দাবী জনাইছে প্ৰৱঞ্চনাৰ বলি হোৱা যুৱক-যুৱতীসকলে ৷

লগতে পঢ়ক: বিদ্যালয়ৰ বিৰুদ্ধে ব্যৱসায় চলোৱাৰ অভিযোগ অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ !

ABOUT THE AUTHOR

...view details