অসম

assam

ETV Bharat / state

Minority Scholarship scam: ছাত্ৰবৃত্তিৰ ধন আত্মসাৎ কৰি পুনৰ ৰঙাঘৰৰ আলহী দুজন - Crime in Nagaon

সমগ্ৰ ৰাজ্যতে উত্থাপন হৈছে সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধনৰ ব্যাপক কেলেংকাৰীৰ অভিযোগ । এক বৃহৎ কেলেংকাৰী সংঘটিত হৈছে ছাত্ৰবৃত্তিৰ ধনৰ । একাংশ শিক্ষকৰূপী দালাল আৰু একাংশই বেংকৰ চিএছপিৰ স্বত্বাধিকাৰী মিলি বিয়াগোম কেলেংকাৰী সংঘটিত কৰিছে ছাত্ৰবৃত্তিৰ নামত । সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ চি আই ডিৰ তদন্তৰ পিছত চি বি আইকো প্ৰদান কৰা হৈছে ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ তদন্ত কৰিবলৈ ।

Crime in Nagaon
সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধনৰ ব্যাপক কেলেংকাৰী

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 4:45 PM IST

নগাঁও, ১৪ অক্টোবৰ:সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত চৰকাৰে দিয়া ধনৰ ব্যাপক কেলেংকাৰী সংঘটিত কৰি এটাৰ পিছত এটা অভিযুক্ত আলহী হৈছে ৰঙাঘৰৰ । একাংশ শিক্ষকৰূপী দালাল আৰু চি এছ পিৰ স্বত্বাধিকাৰীয়ে মিলি সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত আৱণ্টিত ধনৰ ধনৰ এক বিয়াগোম কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । অসম আৰক্ষীয়ে বহু অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰাই নহয় অসম আৰক্ষীৰ অনুসন্ধান শাখা চমুকৈ চি আই ডিয়ে ইতিমধ্যেই তদন্ত কৰিছে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ । কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু মন্ত্ৰণালয়ৰ সচিবৰ এক পত্ৰৰ ভিত্তিত কেন্দ্ৰীয় অনুসন্ধান সন্থা চমুকৈ চি বি আইয়ে ৰুজু কৰিছে এক গোচৰ ।

গোচৰ ৰুজু কৰি চি বি আইয়ে অসমৰ ভুৱা শিক্ষানুষ্ঠান,ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত ছাত্ৰবৃত্তিৰ ধনৰ কেলেংকাৰীৰ তদন্ত ঘোষণা কৰিছে । ইয়াৰ মাজতে পুনৰ নগাঁৱৰ ৰূপহীহাটত আৰক্ষীৰ জালত পৰিছে সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীত জড়িত দুই অভিযুক্ত । সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীত জড়িতৰ অভিযোগত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এজন শিক্ষকৰ লগতে ৰূপহীহাটৰ লাওখোৱা চাপৰি আৰক্ষীৰ জালত পৰিছে বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ এজন স্বত্বাধিকাৰী । ৰূপহীহাটৰ লাওখোৱা চাপৰি আৰক্ষীয়ে শুক্ৰবাৰে নিশা ছাত্ৰবৃত্তি কেলেংকাৰীত মুখ্য অভিযুক্ত চিএছপিৰ স্বত্বাধিকাৰী ছাদ্দাম হুছেইনসহ গ্ৰেপ্তাৰ কৰে ব্যক্তিগত খণ্ড বিদ্যালয়ৰ শিক্ষক মুকচিদুল মমিনক ।

ৰূপহীহাটৰ বৰপেটাৰ ছাদ্দাম হুছেইনে লাউগাঁৱত চলাই অহা অসম গ্ৰামীন বিকাশ বেংকৰ চি এছ পিৰ জৰিয়তেই সংখ্যালঘু ছাত্ৰবৃত্তিত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । কেৱল এয়াই নহয়, দীৰ্ঘদিনৰ পৰা নগাঁৱৰ বিভিন্ন প্ৰান্তত কেইবাটাও চক্ৰই সংঘটিত কৰি আহিছিল সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত ব্যাপক দুৰ্নীতি । শেহতীয়াকৈ ৰূপহীস্থিত আৰ এ বি একাডেমীৰ স্বত্বাধিকাৰী তথা প্ৰধান শিক্ষক মুকচিদুল মমিনে ছাদ্দাম হুছেইনৰ সৈতে মিলি সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন আত্মসাতৰ অভিযোগ লাভ কৰি লাওখোৱা চাপৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক ।

মুকচিদুল মমিনৰ আছিল নিজাববীয়াকৈ এয়াৰটেল পেয়মেন্ট বেংক আৰু গ্ৰামীণ বিকাশ বেংকৰ চি এছ পিৰ স্বত্বাধিকাৰী । উল্লেখযোগ্য যে ২০২২ চনতেই ছাদ্দাম হুছেইন আৰু মুকছিদুল মমিনৰ বিৰুদ্ধে ভাৰবীয় দণ্ড বিধিৰ ৪২০,৪০৬ ধাৰাৰ অধীনত ১৮৭/২০২২ নম্বৰত এক গোচৰ ৰুজু হৈ আছিল ৷ উক্ত গোচৰৰ ভিত্তিত দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । ধৃত দুই অভিযুক্তক আদালতত হাজিৰ কৰি পুনৰ আৰক্ষীয়ে জিম্মাত বিচৰাৰ সম্ভাৱনা আছে । ইপিনে, ধৃত ছাদ্দাম হুছেইন আৰু মুকচিদুল মমিনক মাৰাথান জেৰা চলালে ৰূপহীহাটৰ বৃহৎ চক্ৰৰ লগত জড়িত থকা আন বহু দুৰ্নীতিৰ তথ্য ফাদিল হোৱাৰ আশংকা কৰিছে সচেতন মহলে ।

লগতে পঢ়ক:Birendra Kumar Bhattacharya birth centenary: টীয়কত ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জন্ম শতবৰ্ষৰ শুভাৰম্ভণি

ABOUT THE AUTHOR

...view details