নগাঁও,17 জুন:নগাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা । নগাঁৱৰ বঢ়মপুৰ আদৰ্শ গাঁৱৰ এগৰাকী ১১ বছৰীয়া কিশোৰী কামনাৰ বলি হৈছে নিজ আত্মীয়ৰ ।
ধৰ্ষণ(Rape Case)ৰ দৰে এক জঘন্য ঘটনা সংঘটিত কৰি নিজৰ আত্মীয়ই বেলেগৰ গাত দোষ জাঁপি দিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে । আত্মীয়ই অসৎ চৰিতাৰ্থ কৰি অন্য এজনক অভিযুক্ত সজোৱাৰ চেষ্টা কৰে যদিও কিশোৰী গৰাকীয়ে নিজ মাতৃৰ সন্মুখত সকলো স্বীকাৰ কৰাৰ পিছতেই পোহৰলৈ আহে প্ৰকৃত ঘটনা ।
নগাঁৱত আত্মীয়ৰ কামনাৰ বলি ১১ বছৰীয়া কিশোৰী ইতিমধ্যে কিশোৰী গৰাকীৰ মাতৃয়ে ইটাচালী আৰক্ষী চকীত এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ । মাতৃৰ এজাহাৰৰ ভিত্তিত নগাঁৱৰ ইটাচালী আৰক্ষীয়ে আটক কৰিছে কিশোৰী গৰাকীৰ আত্মীয় গকুল বনীয়াক ।
নগাঁৱত আত্মীয়ৰ কামনাৰ বলি ১১ বছৰীয়া কিশোৰী নিজৰ আত্মীয়ই সংঘটিত কৰা এই জঘন্য ঘটনাই মানৱ সমাজক লজ্বানত কৰিছে । এতিয়া ১১ বছৰীয়া ভুক্তভোগী কিশোৰী গৰাকীৰ পিতৃয়ে দোষীক উপযুক্ত শাস্তিৰ দাবী জনাইছে ।
লগতে পঢ়ক:আৰক্ষীয়ে কিয় গুলীয়ালে কোকৰাঝাৰ হত্যাকাণ্ডৰ অভিযুক্তক ?