নগাঁও, 9 আগষ্ট: নগাঁৱত সংঘটিত হৈছে এক জঘন্য কাণ্ড ৷ নগাঁও বেলতলিৰ GD ইটা ভাটাৰ মহৰী আৰু মালিকৰ বিৰুদ্ধে কিশোৰীক অন্তঃসত্ত্বা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ঘটনা অনুসৰি বিগত 6 মাহৰ পূৰ্বে তেজপুৰৰ ঢেকীয়াজুলিৰ এগৰাকী 14 বছৰীয়া কিশোৰীয়ে GD ইটা ভাটাত(GD brick factory Nagaon) কাম কৰিবলৈ আহিছিল ৷ কিন্তু কাম কৰি থকাৰ সময়তে ভাটাটোৰ মহৰী চাবিৰুদ্দিনে কিশোৰীগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰে (Minor Girl pregnant in Nogaon)৷
এই ঘটনাৰ পাছতে কিশোৰীগৰাকী অন্তঃসত্বা হয় ৷ বৰ্তমান পাঁচ মাহৰ অন্তঃসত্ত্বা কিশোৰীগৰাকীয়ে চাবিৰুদ্দিনক এই কথা অৱগত কৰাত লম্পট মহৰীটোৱে কিশোৰীগৰাকীক ভয় ভাবুকি দি কাৰো আগত মুখ নুখুলিবলৈ ধমকি দিয়ে ৷ কেৱল এইয়াই নহয় কিশোৰীগৰাকীয়ে এই কথা কাৰোবাৰ আগত ক’লে হত্যা কৰাৰো ভাবুকি দিয়ে মহৰীটোৱে ৷
এই ঘটনাৰ কথা কিশোৰীগৰাকীৰ পৰিয়ালে গম পোৱাৰ পাছতে ইটাৰ ভাটাৰ মালিক জমিৰ উদ্দিনে সমগ্ৰ ঘটনাটো গাপ দিবলৈ চেষ্টা কৰে বুলি অভিযোগ উত্থাপিত হয় ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে নগাঁও সদৰ আৰক্ষী নিৱেশত (Nogaon sadar police station) লিখিত অভিযোগ দাখিল কৰিছে ৷