চামগুৰি, 21 জানুৱাৰী :নগাঁৱৰ পুৰণিগুদামত জ'ব কাৰ্ডৰ শ্ৰমিকৰ ৰূপত দেখা গ’ল মন্ত্ৰী সঞ্জয় কিষাণক (Minister Sanjay Kishan in Puranigudam) । হাতত কোৰ লৈ শ্মশানত মাটি কাটিলে মন্ত্ৰীগৰাকীয়ে ৷ এই সময়তে পুৰণিগুদামৰ এজন স্থানীয় লোকে মন্ত্ৰী গৰাকীক ৰাজ্যৰ উন্নয়ন বিশেষকৈ মন্ত্ৰী গৰাকীৰ নিজৰে সমষ্টি তিনিচুকীয়াৰ উন্নয়ন সন্দৰ্ভত প্ৰশ্ন কৰাত কিছু পৰিমাণে ক্ৰোধিত হোৱা দেখা গ’ল মন্ত্ৰী সঞ্জয় কিষাণক ।
লোকজনৰ কথাৰ প্ৰতি সঁহাৰি জনাই নিজৰ সমষ্টিত তেওঁ কৰা প্ৰতিটো কামৰ হিচাপ দিয়া দেখা গ’ল মন্ত্ৰী কিষাণক ৷ পিছত লোকজনৰ ফোন নাম্বাৰ সংগ্ৰহ কৰি উন্নয়নৰ নমুনা প্ৰেৰণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী কিষাণে ৷ জানিব পৰা মতে, অসম চৰকাৰৰ হাফলঙত অনুষ্ঠিত কেবিনেট(Assam government's cabinet meeting at Haflong)ৰ পৰা ওভটি অহাৰ পথত মন্ত্ৰী গৰাকীয়ে পৰ্যবেক্ষণ কৰে পুৰণিগুদামৰ বিভিন্ন চৰকাৰী প্ৰকল্প ।