নগাঁও, 13 মে’ :এইবাৰ আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱাক (ULFA chief Paresh Baruah) আক্ৰমণৰ লক্ষ্য কৰি ল’লে মন্ত্ৰী সঞ্জয় কিষাণে (Minister Sanjay Kishan targets Paresh Baruah) ৷ নগাঁৱত উপস্থিত হৈ মন্ত্ৰী কিষাণে ক’লে, পৰেশ বৰুৱাসহ আলফা স্বাধীনৰ বহু সদস্যই আঁতৰি গৈছে মূল উদ্দেশ্যৰ পৰা । কেৱল ইমানেই নহয়, পৰেশ বৰুৱাই বহুবাৰ অসমৰ ৰাইজক মিছা কথা কোৱাৰ কথাৰে অসমত ধন দাবী, ভাবুকি আদিৰ পৰিবেশ থকাৰ বাবেই বাহিৰৰ উদ্যোগপতিয়ে অসমত উদ্যোগ স্থাপন নকৰে বুলিও অভিযোগ মন্ত্ৰী গৰাকীৰ ।
শুকুৰবাৰে নগাঁৱৰ মন্টেশ্বৰী শিশু আৰু প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিৰুদ্ধে এইদৰে কেবাটাও বিস্ফোৰক মন্তব্য কৰিলে সঞ্জয় কিষাণে । আলফা স্বাধীনৰ শিবিৰত অসমীয়া যুৱকৰ মৃত্যু (Youth dies in ULFA-I camp) সন্দৰ্ভত মন্তব্য কৰি পৰেশ বৰুৱাক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী সঞ্জয় কিষাণে ৷ তেওঁ কয়, পৰেশ বৰুৱাই অসমৰ ৰাইজক বহুবাৰ মিছা কথা কৈছে, আলফা স্বাধীনৰ মুৰব্বীসহ বহু সদস্যই এতিয়া সংগঠনটোৰ মূল উদ্দেশ্যৰ পৰা আঁতৰি গৈছে ।