অসম

assam

ETV Bharat / state

কলিয়াবৰত জল-জীৱন মিচনৰ অধীনত বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন

সোমবাৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে স্থাপন কৰে কেন্দ্ৰীয় চৰকাৰৰ জল-জীৱন মিচনৰ অধীনত নিৰ্মাণ হ'ব লগীয়া আঁচনিৰ আধাৰশিলা ৷ তথ্য অনুসৰি 21.48 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই আঁচনিৰ কাম ৷

minister-rihan-doimari-inaugurated-phe-scheme-at-kaliabor
কলিয়াবৰত জল-জীৱন মিচনৰ অধীনত বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন

By

Published : Feb 15, 2021, 5:58 PM IST

নগাঁও,15 ফেব্ৰুৱাৰী:সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কলিয়াবৰবাসীৰ বাবে এক সু-খবৰ ৷ সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ জল-জীৱন মিচনৰ অধীনত জখলাবন্ধাৰ পুৰণি পানী যোগান আঁচনিটো পুনৰ নিৰ্মাণৰ বাবে মন্ত্ৰী ৰিহন দৈমাৰীয়ে স্থাপন কৰে আধাৰশিলা ৷

তথ্য অনুসৰি 21.48 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব আঁচনিৰ কাম ৷ উল্লেখ্য যে,এই "বৃহত্তৰ জখলাবন্ধা পানী যোগান আঁচনি"ত 2.50 লাখ লিটাৰ পানী সংৰক্ষণ কৰিব পৰাকৈ মাটিৰ তলত দুটা টেংকী আৰু 12 লাখ লিটাৰ পানী সংৰক্ষণ কৰিব পৰাকৈ মাটিৰ ওপৰত দুটা টেংকী নিৰ্মাণ কৰা হ'ব ৷

কলিয়াবৰত জল-জীৱন মিচনৰ অধীনত বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন

লগতে এই বৃহৎ পানী যোগান আঁচনিটোৰ দ্বাৰা প্ৰায় 38 কিলোমিটাৰ দূৰত্বৰ ভিতৰত কলিয়াবৰৰ 10 খন গাঁৱৰ প্ৰতিটো পৰিলয়ালৈ বিশুদ্ধ পানী যোগান ধৰা হ'ব ৷ আগন্তুক তিনি বছৰৰ ভিতৰত এই বৃহৎ পানী যোগান আঁচনিটোৰ কাম সম্পুৰ্ণ কৰি তোলা হ'ব বুলি জনাইছে মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৷

উল্লেখ্য যে, চলিত বিত্তীয় বৰ্ষৰ ভিতৰত ৰাজ্যৰ বিকল পানী যোগান আচঁনিসমূহ পুনৰ কাৰ্যক্ষম কৰি ঘৰে ঘৰে পানীৰ পাইপ সংযোগ কৰা হ'ব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৷ তেখেতে উল্লেখ কৰা অনুসৰি জল-জীৱন মিচনৰ অধীনত 2024 বৰ্ষৰ ভিতৰত ৰাজ্যত 10 হাজাৰ গাঁৱত 10 হাজাৰ পানীযোগান আঁচনি নিৰ্মাণ কৰা হ'ব ৷

জখলাবন্ধাৰ পুৰণি পানী যোগান আঁচনিটো পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত মন্ত্ৰী ৰিহন দৈমাৰীক লগ দিয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই ৷

লগতে পঢ়কঃনগাঁৱত উপস্থিত নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান

ABOUT THE AUTHOR

...view details