অসম

assam

ক্ষুব্ধ ৰাইজৰ ৰোষত পৰিল মন্ত্ৰী ৰঞ্জিৎ দত্ত : কনভয়সহ পলায়ন ঘটনাস্থলীৰ পৰা

By

Published : Dec 15, 2019, 12:41 PM IST

ৰাইজৰ উত্তেজিত ৰূপ দেখি পলায়ন কৰিবলৈ বাধ্য হয় কনভয়সহ মন্ত্ৰী ৰঞ্জিৎ দত্ত ৷ পুৰণিগুদামত ক্ষুব্ধ ৰাইজৰ ৰোষত পৰিল মন্ত্ৰী ৰঞ্জিৎ দত্ত ৷

ৰাইজৰ ৰোষত পৰিল মন্ত্ৰী ৰঞ্জিৎ দত্ত
ৰাইজৰ ৰোষত পৰিল মন্ত্ৰী ৰঞ্জিৎ দত্ত

চামগুৰি, 15 ডিচেম্বৰ:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে শনিবাৰে সন্ধিয়া ৰাইজৰ ৰোষত পৰিল বিজেপি মন্ত্ৰী ৰঞ্জিত দত্ত ৷ চামগুৰি হৈ উজনি অসম অভিমুখে গৈ থকা অৱস্থাতে পুৰণিগুদামত ক্ষুব্ধ ৰাইজে ঘেৰাও কৰে মন্ত্ৰী ৰঞ্জিৎ দত্তক ৷

ৰাইজৰ ৰোষত মন্ত্ৰী ৰঞ্জিৎ দত্ত

ৰাইজৰ উত্তেজিত ৰূপ দেখি পলায়ন কৰিবলৈ বাধ্য হয় কনভয়সহ মন্ত্ৰী ৰঞ্জিৎ দত্ত ৷ ক্ষুব্ধ ৰাইজে মন্ত্ৰীৰ সন্মুখতে চৰকাৰৰ বিৰুদ্ধে মূর্দাবাদ ধ্বনিৰে উত্তাল কৰিলে ৰাজপথ ৷

কনভয়সহ পলায়ন মন্ত্ৰী ৰঞ্জিৎ দত্তৰ

লগতে পঢ়ক: যোৰহাটত ব্যাপক প্ৰতিবাদ ৰাইজৰ

ABOUT THE AUTHOR

...view details