নগাঁও, 20 জানুৱাৰী :বুধবাৰে হাফলঙত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অংশগ্ৰহণ কৰি বৃহস্পতিবাৰে দিশপুৰলৈ উভতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ দিশপুৰত উপস্থিত হোৱাৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে এলানি কাৰ্যসূচীৰে উপস্থিত হয় নগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত (Ranjeet Kumar Dass in Nagaon) ৷ মন্ত্ৰী দাসে নগাঁৱৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি (Minister Ranjeet Kumar Dass participate in a review meeting in Nagaon) বিভিন্ন কামৰ বুজ লয় ৷
জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বিশেষকৈ জিলা পৰিষদৰ অধীনত চলি থকা বিভিন্ন আঁচনি যেনে- মহাত্মা গান্ধী এনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামৰ অগ্ৰগতিৰ সন্দৰ্ভত বিতংভাৱে বিভাগীয় কৰ্তৃপক্ষৰ পৰা খতিয়ান লয় ৷ এই বৈঠকতে মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা জিলাখনত চলি থকা জল-জীৱন মিছন আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰে ৷
নগাঁৱত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস বৈঠকত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জিলা পৰিষদৰ দ্বাৰা চলি থকা আঁচনিসমূহৰ পৰা যাতে যোগ্য হিতাধিকাৰীসকল বঞ্চিত নহয়, তাৰ ওপৰত বিভাগীয় বিষয়াসকলক চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ মন্ত্ৰীগৰাকীয়ে মহিলা সবলীকৰণ আৰু জিলাখনৰ আত্মসহায়ক গোটসমূহক অধিক সক্ৰিয় কৰাত গুৰুত্ব আৰোপ কৰে ৷ তদুপৰি বৈঠকৰ আৰম্ভণিতে মন্ত্ৰী দাসে অৰুণোদয় আঁচনি, ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনি, অটল অমৃত অভিযান আদি আঁচনিৰ হিতাধিকাৰীসকলক সাক্ষাৎ কৰি সুবিধা-অসুবিধাৰ বুজ লয় ৷
বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই পৰ্যালোচনা বৈঠকত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত নিসৰ্গ হিৱৰে, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ শৰ্মাকে প্ৰমুখ্য কৰি জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগীয় বিষয়াসকল উপস্থিত থাকে ৷ বৈঠকৰ অন্তত মন্ত্ৰী গৰাকীয়ে জিলাখনে বিশেষকৈ জল-জীৱন মিছন আঁচনিৰ কামত ৰাজ্যৰ ভিতৰতে অগ্ৰগতি লাভ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
লগতে চাওক:BJP Executive meeting : পৌৰ নিৰ্বাচনক লৈ তৎপৰ বিজেপি