নগাঁও, 23 জুন : ৰাজ্যত ক‘ভিড মহামাৰীৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যেৰে প্ৰতিষেধক প্ৰদান অভিযান তীব্ৰতৰ কৰি তুলিছে ৰাজ্য চৰকাৰে ৷ শেহতীয়াভাৱে কেন্দ্ৰ চৰকাৰে আৰম্ভ কৰা Mega Vaccination Drive কাৰ্যসূচীৰ অধীনত সোমবাৰৰ পৰা অসমত আৰম্ভ হৈছে ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ৷ ৰাজ্যৰ বিভিন্ন স্থানৰ ক’ভিডৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহতো দৈনিক প্ৰতিষেধক ল’বলৈ উপস্থিত হৈছে বহু লোক ৷ কিন্তু তাৰ মাজতে একাংশ লোকে ক’ভিড ভেকচিনক লৈ উৰাবাতৰি বিয়পাই দিয়াৰ অভিযোগ পোহৰলৈ আহিছে ৷
ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিলে অন্য ৰোগত আক্ৰান্ত হোৱা বা শাৰিৰীক সমস্যাত ভূগিবলগীয়া হয় বুলি ৰাজ্যৰ একাংশ পিছপৰা ঠাইত দুষ্টচক্ৰই উৰাবাতৰি বিয়পাই দিছে ৷ যাৰ ফলত এতিয়া উৰাবাতৰিত পতিয়ন গৈ গ্ৰামাঞ্চলত একাংশই ভেকচিন লোৱাৰ পৰা বিৰত আছে ৷ তদুপৰি অপপ্ৰচাৰত পতিয়ন গৈ একাংশ লোকে ভেকচিন দিবলৈ যোৱা স্বাস্থ্যকৰ্মীকো আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷
শেহতীয়াভাৱে এনে উৰাবাতৰি বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ বুধবাৰে নগাঁৱৰ ভেকচিন প্ৰদান কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি জিলাখনৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই সকলোকে ভেকচিন ল’বলৈ আহ্বান জনায় ৷ লগতে ক’ভিড ভেকচিনক লৈ উৰাবাতৰি বিয়পোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে ৷