ৰহা, ৮ জানুৱাৰী : সোমবাৰে ঐতিহ্যমণ্ডিত আঁহতগুৰিৰ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ অহা ১৫ আৰু ১৬ জানুৱাৰী তাৰিখে আয়োজিত ম'হযুঁজ আৰু ভোগালী উৎসৱৰ প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰীকাই । উল্লেখ্য যে ঐতিহ্যমণ্ডিত আৰু পৰম্পৰাগত আঁহতগুৰি ম'হযুঁজ বিগত ২০১৪ চনৰ পৰা আনুষ্ঠানিকভাৱে অনুষ্ঠিত হোৱা নাই ।
আইনৰ নিষেধাজ্ঞা থকাৰ বাবে উক্ত বৰ্ষৰ পৰা আনুষ্ঠানিকভাৱে এই ম'হযুঁজ অনুষ্ঠিত কৰা হোৱা নাছিল । আৰু সেইবাবেই মন্ত্ৰীগৰাকী এই ম'হযুঁজৰ লগতে জড়িত হৈ নথকাৰ কথা প্ৰকাশ কৰে । কিন্তু নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে এই ঐতিহ্যমণ্ডিত ম'হযুঁজ পুনৰ আয়োজন কৰাৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰা বুলি মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰকাশ কৰে ।
আনহাতে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তা, সদিচ্ছা আৰু আন্তৰিকতাপূৰ্ণ সিদ্ধান্তৰ বাবেই ঐতিহ্যমণ্ডিত আঁহতগুৰিৰ গৌৰৱপূৰ্ণ ম'হযুঁজ পুনৰ এইবেলি অনুষ্ঠিত হ'বলৈ গৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ৰাজ্য চৰকাৰৰ নীতিক সাৰোগত কৰি আৰু ন্যায়ালয়ে ৰাজ্য চৰকাৰে বিচাৰিলে অনুষ্ঠিত কৰিব পাৰে বুলি দিয়া সিদ্ধান্ত হেতুকে কেইবা বছৰৰ বিৰতিৰ মূৰত এইবাৰ এই ম'হযুঁজ অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ।