কলিয়াবৰ, 19 ডিচেম্বৰ :সমাগত লোকসভা নিৰ্বাচন ৷ প্ৰতিগৰাকী নেতা-মন্ত্ৰীৰ মুখত এতিয়া কেৱল কোন কোন সমষ্টিত তেওঁলোকৰ দলৰ প্ৰাৰ্থী জিকিব, বিৰোধী দলৰ প্ৰাৰ্থী ক’ত ক’ত হাৰিব সেয়াই কথা ৷
নতুনকৈ সীমা নিৰ্দ্ধাৰণ হোৱা কাজিৰঙা সমষ্টিত সমাগত লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়েই জিকিব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ অৱশ্যে ‘আমি’ বুলি কওঁতে কাজিৰঙাৰ আসনখন মিত্ৰজোঁট অগপক এৰি দিব নে বিজেপিৰ প্ৰাৰ্থীয়েই প্ৰতিদ্বন্দিতা কৰিব সেই লৈ কাজিৰঙা সমষ্টিৰ ভোটাৰৰ বাবে চিত্ৰখন ধূসৰ হৈয়ে আছে ।
আনহাতে, কংগ্ৰেছ য়ে বিজেপিত যোগদানৰ সম্ভাৱনাৰ বিষয়ে মন্ত্ৰী হাজৰীকাই কয়, ‘‘ বিজেপি দলত কোন দলৰ নেতাই যোগদান কৰিবলৈ মন মেলিছে সেই বিষয়ে মই একো নাজানো। কিন্তু বিজেপি দলত টিকট দিব পৰাকৈ কোনো আসন খালী নাই ।’’