নগাঁও,20 জানুৱাৰী : কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা, এজেপি আৰু ৰাইজৰ দল সন্দৰ্ভত নগাঁৱত কেবাটাও মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ । বুধবাৰে নগাঁৱত উপস্থিত হৈ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠিত আঞ্চলিক দলকো কটাক্ষ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।
মন্ত্ৰী গৰাকীয়ে অজিত ভূঞাৰ দলৰ কোনো অস্তিত্ব নাই বুলি মন্তব্য কৰাৰ লগতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে বিজেপিক কোনো ক্ষতি কৰিব নোৱাৰে বুলিও উল্লেখ কৰে ৷ ইয়াৰোপৰি তেওঁ কয় যে, আঞ্চলিক দল দুটাই কেৱল কংগ্ৰেছ-এআইইউডিএফৰহে ক্ষতি কৰিব ৷