কলিয়াবৰ, ২৬ ডিচেম্বৰ: কাজিৰঙাৰ কঁহৰাৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাইক ৰেলীৰে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য মঙলবাৰে উপস্থিত হয় জখলাবন্ধাত । ইয়াত এখন সজাগতা সভাত অংশগ্ৰহণ কৰে পৰিবহণ মন্ত্ৰী গৰাকীয়ে । গোলাঘাট জিলাৰ কঁহৰাৰ পৰা আজি মটৰচাইকেল চলাই আহি পথ সুৰক্ষা সজাগতা অভিযানত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । ৰাইজৰ মাজত পথ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মটৰচাইকেল চলাই এই অভিযান চলাইছে ।
নগাঁও জিলাত এই উপলক্ষে প্ৰথমখন সভাত ভাষণ দি তেওঁ কয়,"ৰাজ্যত সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হোৱা পাচঁখন জিলাৰ ভিতৰত নগাঁও অন্যতম । এই বৰ্ষৰ নৱেম্বৰলৈকে নগাঁও জিলাত পথ দুৰ্ঘটনাৰ ফলত ২০৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । আহত হৈছে সহস্ৰাধিক । যোৱা বছৰত সমগ্ৰ ৰাজ্যত মুঠ ২৯৯৪ জন লোকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ।" সেয়ে পথ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত সকলৰ বাবে বিশ্ব স্মৃতি দিৱস উপলক্ষে আমিনগাঁৱৰ পৰা আৰম্ভ কৰা ৰাজ্যজোৰা সজাগতামূলক বাইক ৰেলীৰ অংশ হিচাপে কঁহৰাৰ পৰা উপস্থিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ।
পৰিবহণ মন্ত্ৰীগৰাকীৰ নেতৃত্বত পথ সুৰক্ষাৰ বাবে ৰাজ্যজুৰি উলিওৱা হৈছে ৰেলী । তেওঁ বিশ্ব স্মৃতি দিৱস উপলক্ষে যোৱা ১৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই মটৰচাইকেল ৰেলী উপলক্ষে আজি কলিয়াবৰ বিধানসভাত এই সজাগতা সভাত অংশগ্ৰহণ কৰি পথ দুৰ্ঘটনাত নিহত ব্যক্তিক শ্ৰদ্ধা নিবেদি সকলোকে পথ সুৰক্ষাৰ নীতি-নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায় ।