কলিয়াবৰ, 17 আগষ্ট: কলিয়াবৰৰ হাতীগাঁও বাগিচা পঞ্চায়তত অমৃত সৰোৱৰ আঁচনিৰ দুটাকে পুখুৰী খন্দা কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । এই আঁচনিৰ জৰিয়তে লাভাৱান্বিত হ'ব পঞ্চায়তটোৰ অধীনত থকা দুটাকৈ আত্মসহায়ক গোট (Minister Keshav Mahanta inaugurate Amrit Sarovar scheme)।
অমৃত সৰোৱৰ আঁচনিখন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘অমৃত সৰোৱৰ’ আঁচনিৰ অধীনত জলাশয়ৰ বিকাশৰ জৰিয়তে আন্তঃগাঁথনি নিৰ্মাণ আৰু পৰিৱেশ উন্নয়নৰ লগতে স্বাৱলম্বনতো ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব । দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সঙ্গতি ৰাখি শুভাৰম্ভ কৰা এই অমৃত সৰোৱৰ খন্দা কাম অহা গণৰাজ্য দিৱসৰ আগে-আগে সম্পূৰ্ণ হ’ব ।