অসম

assam

ETV Bharat / state

ক’ভিড পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী কেশৱ মহন্তই

শনিবাৰে কলিয়াবৰত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ লয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ কলিয়াবৰ মহকুমা প্ৰশাসন আৰু স্বাস্থ‍্য বিভাগৰে আলোচনাত মিলিত হৈ চিমনাবস্তি চিকিৎসালয়ক ক’ভিড চিকিৎসালয় ৰূপে গঢ়ি তোলাৰ ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে ৷

keshab mahanta visited to kaliabo
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্ত

By

Published : Apr 25, 2021, 12:56 PM IST

কলিয়াবৰ,25 এপ্ৰিল: দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে কলিয়াবৰত ক’ভিড পৰিস্থিতিৰ বুজ লয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ ক’ভিড সংক্ৰমণ ৰোধৰ বাবে ল’বলগীয়া ব্যৱস্থা সম্পৰ্কে জখলাবন্ধাৰ গ্ৰাম্য চিকিৎসালয়ত এক আলোচনাত অংশগ্ৰহণ কৰে মন্ত্ৰী মহন্তই ৷

উক্ত আলোচনাত ক’ভিড সংক্ৰমণ ৰোধৰ বাবে লোৱা ব্যৱস্থাসমূহত হোৱা সমস্যাসমূহ দূৰ কৰাৰ বাবে স্বাস্থ্য বিভাগৰ ঊৰ্ধতন বিষয়াৰ সৈতে অনতিপলমে মিলিত হৈ সু-ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷ ক’ভিড প্ৰতিষেধক প্ৰদান কৰাৰ লগতে বৃদ্ধি হোৱা ক’ভিড সংক্ৰমণৰ লগত মোকাবিলা কৰোতে উদ্ভৱ হোৱা সমস্যাৰ বিষয়ে মন্ত্ৰী গৰাকীক অৱগত কৰে স্বাস্থ্য কৰ্মীসকলে । যিহেতু পূৰ্বৰ দৰে ক’ভিড নিয়ন্ত্ৰণত চৰকাৰে বিশেষ ব্যৱস্থা ল’ব পৰা নাই, তাৰ মাজতে সংক্ৰমণ ৰোধ কৰাৰ লগতে ক’ভিড ৰোগীসকলৰ চিকিৎসা সমান্তৰালকৈ চলাই নিয়াত সকলোৰে সহযোগিতা কামনা কৰে মন্ত্ৰী কেশৱ মহন্তই ।

কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্ত

ইয়াৰোপৰি জখলাবন্ধা চিকিৎসালয়ত দুদিন ধৰি নাটনি হোৱা ক’ভিড প্ৰতিষেধক অচিৰেই উপলব্ধ হোৱাকৈ স্বাস্থ্য বিভাগৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে । লগতে তেওঁ চিমনাবস্তি চিকিৎসালয়ক ক’ভিড চিকিৎসালয় ৰূপে গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰে ।

এই আলোচনা সভাত উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস, জখলাবন্ধা গ্ৰাম্য চিকিৎসালয়ৰ অধীক্ষক ডাঃ খেমন্ত শইকীয়া, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস, সহকাৰী অতিৰিক্ত আয়ুক্ত ৰাজনিশান শৰ্মাসহ চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকল ।

লগতে পঢ়ক :সুদীৰ্ঘ 37 বছৰ পিছত স্বভূমি অভিমুখে জীৱন মৰাণ

ABOUT THE AUTHOR

...view details