অসম

assam

কলিয়াবৰত কৃষি বিভাগৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

By

Published : Jun 13, 2022, 2:10 PM IST

কলিয়াবৰত মহকুমা কৃষি বিভাগৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ(Minister chandra mohan patowari visit paddy procurement centre) ৷ ভাৰতীয় খাদ্য নিগমলৈ ৪৫ হাজাৰ কুইণ্টল চাউল প্ৰেৰণ কলিয়াবৰৰ ধান ক্ৰয় কেন্দ্ৰৰ ৷

Minister chandra mohan patwari visit paddy procurement centre of Kaliabor
কলিয়াবৰত মহকুমা কৃষি বিভাগৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

কলিয়াবৰ, 13 জুন : সোমবাৰে কলিয়াবৰত উপস্থিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ কলিয়াবৰত উপস্থিত হৈ মহকুমা কৃষি বিভাগৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ সুলভ মূল্যৰ দোকানে-দোকানে গৈ গ্ৰাউণ্ড জিৰ’ ৰিপ’ৰ্ট ল’লে মন্ত্ৰী পাটোৱাৰীয়ে(Minister chandra mohan patowari visit paddy procurement centre) ৷

কলিয়াবৰত মহকুমা কৃষি বিভাগৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

উল্লেখ্য যে, শান্তিপুৰ ধান ক্ৰয় কেন্দ্ৰত এই পৰ্যন্ত ৮১৫ জন কৃষকে ধান বিক্ৰী কৰি লাভ কৰিছে ৮ কোটি, ১১লাখ, ৭ হাজাৰ ৭২ টকা (৮,১১,০৭,০৭২)। ৬০ হাজাৰ কুইন্টল ধান ক্ৰয়ৰ লক্ষ্যৰে শান্তিপুৰ ধান ক্ৰয় কেন্দ্ৰই এই পৰ্যন্ত ক্ৰয় কৰিলে প্ৰায় ৪৯ হাজাৰ কুইন্টল ধান ।

কলিয়াবৰত মহকুমা কৃষি বিভাগৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

ইতিমধ্যে, প্ৰায় ৪৫ হাজাৰ কুইণ্টল চাউল প্ৰেৰণ কৰা হৈছে ভাৰতীয় খাদ্য নিগমলৈ । এই ধান ক্ৰয় কেন্দ্ৰসমূহৰ জৰিয়তে সাধাৰণ কৃষক উপকৃত হৈছে বুলি মন্তব‍্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ বাবেই আজি থলুৱা কৃষক ৰাইজ উপকৃত হোৱাৰ লগতে অসমৰ ধানে অন্য এক মাত্ৰা লাভ কৰা বুলি তেওঁ কয় । উল্লেখ্য যে, চৰকাৰী ধান ক্ৰয়ৰ ক্ষেত্ৰত হোজাইৰ পাছতেই কলিয়াবৰে দ্বিতীয় স্থান দখল দখল কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :KAAC election result 2022: ক'ত কোন কোন প্ৰাৰ্থীয়ে কৰিলে জয়লাভ

ABOUT THE AUTHOR

...view details