কলিয়াবৰ, ৩ জুন: পুনৰ প্ৰাণ পাই উঠিব ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ । শীঘ্ৰেই প্ৰস্তাৱিত সাংস্কৃতিক যাদুঘৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব সুধাকণ্ঠৰ বাসগৃহৰ চৌহদত । বুধবাৰে ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ পৰিদৰ্শন কৰি এই মন্তব্য কৰে সাংস্কৃতিক পৰিক্ৰমা, ক্ৰীড়া আৰু যুৱ কল্যাণ, শক্তি আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাই ।
সাংস্কৃতিক যাদুঘৰ নিৰ্মাণৰ কাৰণে যাৱতীয় পুঁজি যোগানৰ ক্ষেত্ৰত ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰীৰূপে কৰণীয় সকলোখিনি কাম আন্তৰিকতাৰে কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে । উল্লেখ্য যে, মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত সুধাকণ্ঠৰ কুঠৰীস্থিত বাসগৃহটো সাংস্কৃতিক প্ৰকল্পলৈ ৰূপান্তৰিত কৰাৰ আঁচনি হাতত লোৱা হৈছিল । পৰৱৰ্তী কালত দুৰ্ভাগ্যজনকভাৱে বাসগৃহ চৌহদৰ ভূমি বিবাদে জটিলতাৰ সৃষ্টি কৰিছিল ।