অসম

assam

ETV Bharat / state

মিকিৰ-বামুণী গ্ৰাণ্টক লৈ পুনৰ উত্তাল বঢ়মপুৰ - বিধায়ক জিতু গোস্বামী

মিকিৰ-বামুণী গ্ৰাণ্ট প্ৰসংগক লৈ দীৰ্ঘদিন ধৰি উত্তেজনা অব্যাহত আছে । ৰায়তী কৃষকে অধিকাৰৰ দাবীত অব্যাহত ৰাখিছে প্ৰতিবাদ । ইফালে বিভিন্ন দল-সংগঠনে স্থানীয় বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । আনহাতে বিজেপি কৰ্মীসকলেও বিধায়কৰ সমৰ্থনত প্ৰতিবাদৰ বাবে ওলাই আহিল ।

mikir bamuni grant protest
মিকিৰ বামুণী গ্ৰাণ্টক লৈ পুনৰ উত্তাল বঢ়মপুৰ

By

Published : Aug 28, 2021, 11:21 AM IST

চামগুৰি, ২৮ আগষ্ট :বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে সমষ্টিটোৰ মিকিৰ বামুণী গ্ৰাণ্টৰ (Mikir Bamuni Grant) কৃষকক উচ্ছেদ কৰি সৌৰ প্ৰকল্প স্থাপন কৰা এজুৰ পাৱাৰ কোম্পানীৰ (Azure Power Company) সমৰ্থনত অৱস্থান গ্ৰহণ কৰাৰ বিৰোধিতাৰে কেইবাটাও জাতীয় সংগঠন আৰু মিকিৰ বামুণীৰ কৃষকে বৃহস্পতিবাৰে বিধায়কজনৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নগাঁও জিলা সমিতি (AJYCP), চি পি আই (CPI), কৃষক মুক্তি সংগ্ৰাম সমিতি (KMSS), ছাত্র মুক্তি সংগ্ৰাম সমিতি (SMSS) আদি সংগঠনৰ প্ৰতিনিধিয়ে সেই প্ৰতিবাদৰ নেতৃত্ব দিছিল । জাতীয় সংগঠনকেইটা আৰু মিকিৰ বামুণীৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতেই বিজেপি বিধায়কজনৰ সমৰ্থনত আগবাঢ়ি আহে বঢ়মপুৰ সমষ্টিৰ একাংশ বিজেপি কৰ্মী ।

মিকিৰ বামুণী গ্ৰাণ্টক লৈ পুনৰ উত্তাল বঢ়মপুৰ

বিজেপি কৰ্মীসকলে কঠিয়াতলীত জাতীয় সংগঠনকেইটাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে শুকুৰবাৰে পুনৰ উৰিয়াগাঁও আৰু বামুণী তিনিআলিত বিজেপি কৰ্মী-সমৰ্থকসকলে বিধায়ক জিতু গোস্বামীৰ (MLA Jitu Goswami) সমৰ্থনত জাতীয় সংগঠন কেইটাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী বিজেপি কৰ্মীসকলে কয় যে তেওঁলোকে বিধায়কৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা সংগঠনকেইটাক গৰিহণা দিছে ।

তেওঁলোকৰ মতে সংগঠনকেইটাক উন্নয়ন নালাগে । বিধায়ক জিতু গোস্বামী বিজয়ী হোৱা মাত্ৰ ৩ মাহ হৈছে । কিন্তু এজুৰ কোম্পানীৰ প্ৰকল্পটো মিকিৰ-বামুণীত স্থাপন হোৱা প্ৰায় ডেৰ বছৰ হ'ল । গতিকে প্ৰতিবাদকাৰী সংগঠন কেইটাৰ প্ৰতিনিধিয়ে নাগৰিক সমাজ তথা বিধায়কৰ লগত আলোচনা কৰা উচিত বুলি দাবী কৰে বিজেপি কৰ্মীসকলে ।

লগতে বিজেপি কৰ্মীসকলে জাতীয় সংগঠন কেইটাক সকীয়নি দিয়াও পৰিলক্ষিত হৈছে । প্ৰতিবাদকাৰী বিজেপি নেতা এগৰাকীয়ে কয় যে মিকিৰ-বামুণী গ্ৰাণ্টৰ এই বিতৰ্কিত ভূমিৰ বিষয়টো আদালতত বিচাৰাধীন । গতিকে আদালতত বিচাৰ চলি থকা এটা বিষয়ৰ ওপৰত প্ৰতিবাদ কৰি লাভ নাই । তেওঁৰ মতে, এজুৰ কোম্পানীৰ সৌৰ প্ৰকল্প তাত স্থাপন হ'ব লাগে ।

মিকিৰ বামুণী গ্ৰাণ্টক লৈ পুনৰ উত্তাল বঢ়মপুৰ

ইতিমধ্যে তপতজুৰি পাহাৰত গছপুলি ৰোপণৰ বাবে বিধায়কে প্ৰচেষ্টা হাতত লৈছে । সেই কাৰ্যত দল-সংগঠন কেইটাক সহযোগ কৰিবলৈ আহ্বান বিজেপি নেতাগৰাকীৰ । প্ৰতিবাদকাৰী বিজেপি নেতা এজনে মিকিৰ-বামুণী গ্ৰাণ্ট সৌৰ প্ৰকল্প স্থাপনৰ স্থান বন্যহস্তী ক'ৰিডৰ বুলি উত্থাপিত বিষয়টো অস্বীকাৰ কৰি কয় যে এই অঞ্চলটোৰ সকলো স্থানতে বনৰীয়া হাতীৰ বিচৰণ, তাৰ কাৰণে উন্নয়ন স্থবিৰ হ'ব নালাগে ।

ইয়াৰ উপৰিও মিকিৰ বামুণী গ্ৰাণ্টৰ প্ৰতিবাদকাৰী একাংশ কৃষকে প্ৰতিবিঘা ভূমিৰ বিনিময়ত ১০ হাজাৰ টকাকৈ লৈ এজুৰ পাৱাৰ কোম্পানীৰ লগত চুক্তিবদ্ধ হৈছিল বুলিও অভিযোগ আনে বিজেপি কৰ্মীসকলে । বিজেপি কৰ্মীসকলৰ এই প্ৰতিবাদৰ বিপৰীতে মিকিৰ বামুণী গ্ৰাণ্টৰ এজুৰ পাৱাৰ কোম্পানীৰ প্ৰকল্পস্থলীত ৰায়তী কৃষকসকল আৰু স্থানীয় মহিলাসকলে হাতত ঝাড়ু লৈ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী কৃষকসকলে যি কোনো মূল্যৰ বিনিময়ত সেই ভূমি তেওঁলোকৰ হাততে ৰাখিব বুলি স্পষ্ট কৰি দিয়ে । একেদৰে চিপিআই নেতা ৰাতুল বৰাই জিতু গোস্বামীৰ অন্ধ সমৰ্থকৰ প্ৰতিবাদক ভয় নকৰে বুলি মন্তব্য কৰে ।

লগতে পঢ়ক :হিৰাগাটাৰ ভূমি বেদখলৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা লোৱা হ'ব: দিগন্ত কলিতা

ABOUT THE AUTHOR

...view details