অসম

assam

ETV Bharat / state

মিকিৰ বামুনি গ্ৰাণ্টত কৃষকৰ ওপৰত আৰক্ষীয়ে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে মানৱ অধিকাৰত গোচৰ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

নগাঁৱৰ বামুনি মিকিৰ গ্ৰাণ্টত আজিও অব্যাহত চেপা- উত্তেজনা । আৰক্ষীৰ প্ৰহাৰত আহত হৈছিল মহিলাসহ কুৰিজনকৈ কৃষক । আৰক্ষীৰ বিৰুদ্ধে মানৱ অধিকাৰত গোচৰ কৃষক সভাৰ । আন্দোলনৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ । আৰক্ষীক আক্ৰমণৰ অভিযোগত চাৰিজনকৈ যুৱকক গ্ৰেপ্তাৰ ।

মিকিৰ বামুনি গ্ৰাণ্টত কৃষকৰ ওপৰত আৰক্ষীয়ে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে মানৱ অধিকাৰত গোচৰ
মিকিৰ বামুনি গ্ৰাণ্টত কৃষকৰ ওপৰত আৰক্ষীয়ে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে মানৱ অধিকাৰত গোচৰ

By

Published : Dec 30, 2020, 10:39 PM IST

নগাঁও,30 ডিচেম্বৰঃ ৰায়তী খতিয়ানপ্ৰাপ্ত নগাঁৱৰ বঢ়মপুৰৰ বামুনি মিকিৰ গ্ৰাণ্টৰ তিনিশ বিঘা কৃষিভূমি আজুৰ নামৰ এটা ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ বাবে তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষী। মঙলবাৰে হঠাৎ কৃষিভূমিৰ পৰা কৃষকক উচ্ছেদ কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে নগাঁৱৰ চামগুৰি আৰক্ষীৰ বিৰুদ্ধে । আৰক্ষীৰ লাঠিচালনাত মহিলাসহ কেইবাগৰাকী কৃষক আহত হোৱাৰ পিছত বুধবাৰেও অঞ্চলটোত অব্যাহত আছে চেপা -উত্তেজনা । মঙলবাৰে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছত নিশা আৰক্ষীৰ এটা বৃহৎ দল বামুনি মিকিৰ গ্ৰাণ্টত উপস্থিত হৈ চাৰিজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি অঞ্চলটোৰ বুকু মাৰ্দি, লক্ষী মাৰ্দি, চিকাৰী ৰংপি আৰু আৰু ভাইটি তিমুঙক গ্ৰেপ্তাৰ কৰি বুধবাৰে আদালতত হাজিৰ কৰাত ধৃত যুৱক চাৰিজনক সন্ধিয়া ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

মিকিৰ বামুনি গ্ৰাণ্টত কৃষকৰ ওপৰত আৰক্ষীয়ে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে মানৱ অধিকাৰত গোচৰ
উল্লেখযোগ্য যে, মঙলবাৰে সৃষ্টি হোৱা অপ্ৰতিকৰ পৰিস্থিতিৰ গাইনা লৈ অঞ্চলটোত কৃষকৰ উপৰত আৰক্ষীৰ নিৰ্যাতন অব্যাহত ৰখা বুলি অভিযোগ উত্থাপন কৰিছে নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিয়ে । আৰক্ষীয়ে অঞ্চলটোত একপ্ৰকাৰ সন্ত্ৰাস চলোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষক সভাৰ নগাঁও জিলা সমিতিৰ সম্পাদক ৰাতুল বৰাই । আজুৰ নামৰ কোম্পানীটোক কৃষকৰ ভূমি গতাই দিয়াৰ উদ্দেশ্যে আৰক্ষীয়ে অঞ্চলটোত একপ্ৰকাৰ আতংকময় পৰিবেশ সৃষ্টি কৰা বুলিও মন্তব্য কৰিছে ৰাতুল বৰাই । কৃষকৰ উপৰত আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগতো তৰা হৈছে গোচৰ । বুধবাৰে মানৱ অধিকাৰ আয়োগত আৰক্ষীৰ অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে গোচৰ তৰে নিখিল ভাৰত কৃষক সভাই ।
মিকিৰ বামুনি গ্ৰাণ্টত কৃষকৰ ওপৰত আৰক্ষীয়ে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে মানৱ অধিকাৰত গোচৰ
বছৰ বছৰ ধৰি কৃষি কাৰ্যৰে জীৱিকা অর্জন কৰি অহা কৃষকক উচ্ছেদ কৰি এটা ব্যক্তিগত কোম্পানীক বৃহৎ কৃষিভূমি প্ৰদানৰ বাবে কৃষকৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্যাতনক গৰিহণা দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । আৰক্ষীৰ এনে কাৰ্যৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে অসমজাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই । উল্লেখযোগ্য যে, বামুনি মিকিৰ গ্ৰাণ্টৰ কৃষিভূমি ব্যক্তিগত কোম্পানী আজুৰৰ সপক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ৰায়দান কৰিছিল যদিও আদালতত কৃষকসকলেও আদালতত তৰা আন এটা গোচৰ আজিও হৈ আছে বিচাৰাধীন ।

ABOUT THE AUTHOR

...view details