অসম

assam

ETV Bharat / state

নগাঁৱত মধ্য অসমৰ আয়ুক্তৰ গুৰুত্বপুৰ্ণ বৈঠক - Nagaon district

সোমবাৰে নগাঁও জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত মধ্য অসমৰ আয়ুক্ত মলয় বৰাই জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া সকলৰ লগত এখনি বৈঠকত মিলিত হয়। বহিঃৰাজ্যৰ পৰা উভতি অহা যুৱক-যুৱতি সকলক বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে সেইসকলৰ জীৱন-নিৰ্বাহ পথ সুচল কৰি তুলিবলৈ পৰামৰ্শ দিয়ে ।

MIDDILE ASSAM CHIEF SECY MEETING AT NAGAON
MIDDILE ASSAM CHIEF SECY MEETING AT NAGAON

By

Published : Jun 8, 2020, 10:47 PM IST

নগাঁও, ৮ জুন :সোমবাৰে নগাঁও জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত মধ্য অসমৰ আয়ুক্ত মলয় বৰাই জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া সকলৰ লগত এখনি বৈঠকত মিলিত হয়। 

উক্ত বৈঠকত আয়ুক্ত গৰাকীয়ে কৰ'ণা মহামাৰী আৰু লক্ ডাউনৰ ফলত ৰৈ যোৱা বিভিন্ন উন্নয়নমূলক কাম সমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবলৈ পৰিমৰ্শ দিয়ে । 

লগতে তেওঁ কয় যে, এই সময়ছোৱাত বহিঃ ৰাজ্যৰ পৰা নিজ নিজ গৃহলৈ বহু যুৱক-যুৱতী উভতি আহিছে। তেওঁলোকক বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে সেইসকলৰ জীৱন-নিৰ্বাহ পথ সুচল কৰি তুলিবলৈ কৃষি, পশুপালন, মীন, উদ্যোগ আৰু বাণিজ্য আৰু নিয়োগ বিভাগৰ বিষয়া সকলক মিলিত প্ৰচেষ্টাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। 

এই বৈঠকত জিলা উপায়ুক্ত যাদৱ শইকীয়া, অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা, হেমন্ত ভূঞা উপস্থিত থাকে।

ইয়াৰ পাছতে আয়ুক্ত গৰাকীয়ে কৃষ্ণাই খাটৰ বহুমুখী যুৱক গোটে স্থাপন কৰা কৃষি পামখন পৰিদৰ্শন কৰে আৰু সন্তুষ্টি প্ৰকাশ কৰে লগতে তেওঁলোকক সকলো ধৰণৰ বিভাগীয় সহায় সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে। আজিৰ পৰিদৰ্শনৰ সময়ত আয়ুক্ত গৰাকীৰ লগত জিলা উপায়ুক্ত যাদৱ শইকীয়া, অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ দলে, জিলা জনসংযোগ বিষয়া সমৰ কলিতাকে প্ৰমুখ্যে কৃষি বিভাগৰ বিভিন্ন বিষয়া সকল উপস্থিত থাকে।

লগতে পঢ়ক : হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত পূজা বেনাৰ্জীৰ বাসগৃহত উপায়ুক্ত

ABOUT THE AUTHOR

...view details