অসম

assam

ETV Bharat / state

মধ্যাহ্ন ভোজনৰ কেলেংকাৰী সংঘটিত কৰি ৰঙাঘৰৰ আলহী হ'ল প্ৰধান শিক্ষক - Midday Meal

ৰূপহীহাটৰ উত্তৰ পুঠিখাইতি মোক্তাব বিদ্যালয়ত ইউনিফৰ্ম আৰু মধ্যাহ্ন ভোজনৰ নামত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী ৷ এই কেলেংকাৰীত নাম সাঙুৰ খাইছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ৷

Midday Meal corruption in Puthikhaiti Maqtab School rupohihat
মধ্যাহ্ন ভোজনৰ কেলেংকাৰী সংঘটিত কৰি ৰঙাঘৰৰ আলহী হ'ল প্ৰধান শিক্ষক

By

Published : Sep 30, 2021, 9:35 PM IST

চামগুৰি, 30 ছেপ্টেম্বৰ : ইউনিফৰ্ম আৰু মধ্যাহ্ন ভোজনৰ নামত ৰূপহীহাটৰ উত্তৰ পুঠিখাইতি মোক্তাব বিদ্যালয়ত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী ৷ এই কেলেংকাৰীত নাম সাঙুৰ খাইছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ৷ ইতিমধ্যে শিক্ষক গৰাকীক আটক কৰিছে নগাঁও আৰক্ষীয়ে ৷

মধ্যাহ্ন ভোজনৰ কেলেংকাৰী সংঘটিত কৰি ৰঙাঘৰৰ আলহী হ'ল প্ৰধান শিক্ষক

স্থানীয় একাংশ লোক আৰু অভিভাৱকে অভিযোগ কৰা মতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষক আমিনুল এহচানে দীৰ্ঘদিন ধৰি মধ্যাহ্ন ভোজনৰ নামত আৱন্টিত টকা আত্মসাৎ কৰি আহিছে ৷ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত যিধৰণে বিদ্যালয়ৰ চাউল বিতৰণ কৰিব লাগিছিল সেই ধৰণতে বিতৰণ কৰা হোৱা নাই ৷ কিছু সংখ্যক ছাত্ৰ-ছত্ৰীক 5 ৰ পৰা 10 কেজি কৈ চাউল দিছে যদিও সেই চাউল লাভ কৰাৰ পৰা বঞ্চিত হৈছে বিদ্যালয়খনৰ আন একাংশ ছাত্ৰ-ছাত্ৰী ৷

লগতে পঢ়ক:পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

তদুপৰি, চৰকাৰৰ ফালৰ পৰা ছাত্ৰ-ছাত্ৰীক দিয়া ইউনিফৰ্মৰ নামতো বৃহৎ পৰিমাণৰ টকা আত্মাসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে শিক্ষক গৰাকীৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি, এজোৰো ইউনিফৰ্ম ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা নাই বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে ৷

ইফালে, শিক্ষাৰ্থী জলপানি দিয়াৰ নামতো অনিয়মৰ আশ্ৰয় লৈছে প্ৰধান শিক্ষক গৰাকীয়ে ৷ স্থানীয় লোক আৰু অভিভাৱকে সাংবাদিকৰ আগত সদৰী কৰা মতে, জলপানি দিয়াৰ নামত অভিভাৱকৰ পৰা 350 টকাকৈ সংগ্ৰহ কৰিছিল প্ৰধান শিক্ষক গৰাকীয়ে ৷ নিজৰ বেংক একাউন্টৰ নম্বৰ দি এই টকা সংগ্ৰহ কৰিছিল প্ৰধান শিক্ষক গৰাকীয়ে ৷

লগতে পঢ়ক :অতি শীঘ্ৰে বেদখলমুক্ত হ'ব কলং : ৰূপক শৰ্মা

শিক্ষক গৰাকীয়ে টকা সংগ্ৰহ কৰাৰ কেইবা মাহ পাৰ হৈ যোৱাৰ পাচতো আজিকোপতি ছাত্ৰ-ছাত্ৰী সকলে লাভ নকৰিলে জলপানি ৷ এই বিষয়ত সোধ-পোচ কৰিবলৈ গ'লেও শিক্ষক গৰাকীয়ে দাবী-ধমকিৰে খেদি দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ অভিভাৱক সকলে ৷

উপায়হীন হৈ বিদ্যালয়ৰ প্ৰধান শিক্ষক আমিনুল এহচানৰ বিৰুদ্ধে কাৱৈমাৰী আৰক্ষীৰ থানাত এখন এজাহাৰ দাখিল কৰে স্থানীয় লোকৰ লগতে অভিভাৱক সকলে ৷ উক্ত এজাহাৰৰ ভিত্তিত প্ৰধান শিক্ষক গৰাকীক আটক কৰিছে কাৱৈমাৰী আৰক্ষীয়ে ৷ লগতে ৰাইজৰ অভিযোগৰ ভিত্তিত তদন্তও আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, প্ৰধান শিক্ষক গৰাকীক কাৱৈমাৰী আৰক্ষীয়ে আটক কৰা পাচতে সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ ইয়াৰ লগতে দোষীক উচিত শাস্তি দিয়া দাবী তুলিছে ৰূপহীহাটৰ উত্তৰ পুঠিখাইতি গাঁৱৰ ৰাইজে ৷

লগতে পঢ়ক :NGO ৰ নামত ডুবাপাৰা টাৰিত বনবিভাগৰ উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details