নগাঁও, ২৪ জানুৱাৰী:সামান্য মাননিৰ বিনিয়মত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীক মধ্যাহ্ন ভোজন প্ৰস্তুত কৰি খুৱাই আহিছে ৰান্ধনীসকলে । কিন্তু সামান্য পৰিতোষিক লাভ কৰা এইসকল ৰান্ধনীৰ পৰাও ধন সংগ্ৰহ কৰিবলৈ লৈছে এটা দুষ্টচক্ৰই । ধন সংগ্ৰহ কৰিবলৈ কুণ্ঠাবোধ নকৰা এটা চক্ৰৰ বিৰুদ্ধে নগাঁৱ থানাত এজাহাৰ দাখিল কৰিছে সদৌ অসম প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই (Mid Day Meal Cook Association)। মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ নাম লৈ এই চক্ৰটোৱে বিগত কিছুদিনৰ পৰা নগাঁও আৰু মৰিগাঁও জিলাৰ একাংশ ৰান্ধনীৰ পৰা ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই ।
উত্থাপিত অভিযোগ অনুসৰি এই চক্ৰটোৱে সদৌ অসম ৰান্ধনী সন্থাৰ নামত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা (CM Dr Himanta Biswa Sarma) আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত সভা অনুষ্ঠিত কৰা, মধ্যাহ্ন ভোজন ৰান্ধনীৰ চাকৰি নিয়মীয়াকৰণ কৰা আদিৰ দোহাই দি ৰান্ধনীৰ পৰা ধন সংগ্ৰহ কৰি আহিছে (Mid Day Meal Cook Association protest )। বিশেষকৈ সদৌ অসম প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ উপদেষ্টা তৃষ্ণা নাথৰ নাম লৈ ব্যাপকভাৱে ধন সংগ্ৰহত নামি পৰা চক্ৰটোৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ৰান্ধনী সন্থাৰ লগতে সন্থাৰ উপদেষ্টাগৰাকী ।