কলিয়াবৰ, ৪ জুন: শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কুঁৱৰীটোলত অভিনন্দন অনুষ্ঠান সম্পন্ন (Felicitation at Shishu Vidyapeeth School)। বেচৰকাৰী খণ্ডত গঢ়ি উঠা শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কুঁৱৰীটোল হৈছে কলিয়াবৰৰ এক অগ্ৰণী শিক্ষানুষ্ঠান । সদ্য ঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উৰ্ত্তীণৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা ৮৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক আজি এক বিশেষ অনুষ্ঠানত অভিনন্দন জনোৱা হয় ।
ইয়াৰ পূৰ্বে বিদ্যালয়খনত চলিত বৰ্ষত প্ৰথমবাৰৰ পৰা আৰম্ভ কৰিবলৈ লোৱা একাদশ শ্ৰেণীৰ কলা আৰু বিজ্ঞান শাখাৰ পাঠদানৰ শুভাৰম্ভ কৰা হয় (Meritorious students Felicitated at Kaliabor)। আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধীৰেন্দ্ৰ কুমাৰ হাজৰিকাই ।
বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে বিশিষ্ট লেখক, সাহিত্যিক উপেন্দ্ৰ বৰকটকী আৰু কলিয়াবৰ মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ তথা নিৰ্বাচনী বিষয়া ড৹ ভূপালী কাশ্যপে । ভাষণ প্ৰসংগত সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে বৰেণ্য সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাৰ উদ্ধৃতি দি কয়, "চিন্তাৰ বিকাশ নহ'লে জ্ঞান নহয় ।" সেয়ে, বৰকটকীয়ে ছাত্ৰ-ছাত্ৰীসকলক চিন্তাৰ বিকাশ ঘটাবলৈ আহ্বান জনায় । তেওঁ লগতে ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নত বিশেষ গুৰুত্ব দিবলৈ আহ্বান জনায় ।