বটদ্ৰৱা, 9 জুন: "ভোগবাদী সমাজ ব্যৱস্থাত আমি আমাৰ ওপজা মাটিৰ শিপাডাল উজ্জ্বীৱিত কৰি দেশ আৰু জাতিৰ বাবে আত্মনিয়োগ কৰিব পাৰিব লাগিব" এই মন্তব্য নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াৰ । দেওবাৰে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানা আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত ২০১৯ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট অতিথিৰ ভাষনত উপায়ুক্ত গৰাকীয়ে লগতে কয় যে "পৰীক্ষাত লাভ কৰা নম্বৰেই ছাত্ৰ ছাত্ৰীৰ কৃতীত্বৰ মাপ কাঠী নহয় । নৈতিক শিক্ষাৰ উত্তৰণৰ মাজেৰে এজন সফল মানৱ হোৱাটোহে জীৱনৰ প্ৰকৃত কৃতকাৰ্য্যতা ৷" বটদ্ৰৱা গাওঁৰক্ষী বাহিনীৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত আমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভোগেশ্বৰ বৰাই কয় "জীৱনৰ প্ৰতিযোগিতাত উত্তীৰ্ণ হবলৈ ছাত্ৰ ছাত্ৰী সকলে নিজকে যোগ্য হিচাবে গঢ়ি তুলিব লাগিব ।" সভাত বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ ২০১৯ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংচন, ষ্টাৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শতাধিক কৃতী ছাত্ৰ ছাত্ৰীক গামোচা, অভিনন্দন পত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।
বটদ্ৰৱা আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা - বটদ্ৰৱা আৰক্ষী থানা
দেওবাৰে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানা আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত ২০১৯ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট অতিথিৰ ভাষণত উপায়ুক্ত গৰাকীয়ে লগতে কয় যে "পৰীক্ষাত লাভ কৰা নম্বৰেই ছাত্ৰ ছাত্ৰীৰ কৃতীত্বৰ মাপ কাঠী নহয় । নৈতিক শিক্ষাৰ উত্তৰণৰ মাজেৰে এজন সফল মানৱ হোৱাটোহে জীৱনৰ প্ৰকৃত কৃতকাৰ্য্যতা ৷’’
লগতে পঢ়ক: গুৱাহাটীৰ মাজমজিয়াত পুনৰ যুৱতীৰ শ্লীলতা হানি
বটদ্ৰৱা গাওঁৰক্ষী বাহিনীৰ উপ সভাপতি মোহন বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি মজুমদাৰ, বটদ্ৰৱা সত্ৰ গাওঁ পঞ্চায়ৰ সভাানেত্ৰী নমিতা হাজৰিকা বৰা, ধনীয়াভেটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰফিকুল ইছলাম, গাওঁৰক্ষী বাহিনীৰ নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত উপদেষ্টা তৰুন নমানি ৰাজ, চক্ৰ সংগঠক বিশ্বজিৎ নাথ, সমাজকৰ্মী বেনুধৰ বৰুৱা, সুনিল বৰুৱা, পংকজ কলিতা, ৰফিকুল ইছলামকে প্ৰমুখ্য কৰি প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে । অনুষ্ঠানটিৰ লগত সংগতি ৰাখি বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সাংবাদিক সকলক সম্বৰ্ধনা জ্ঞাপন কৰে ৷