অসম

assam

ETV Bharat / state

কলিয়াবৰত উদ্ধাৰ মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতী - মানসিক বিকাৰগ্ৰস্ত

নগাঁও জিলা ন‍্যায় সেৱা প্ৰাধিকাৰীৰ প্ৰতিনিধিয়ে চিকিৎসা আৰু পুনৰ সংস্থাপনৰ বাবে চমজি ল'লে যুৱতীগৰাকীক

কলিয়াবৰত উদ্ধাৰ মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতী

By

Published : Jul 2, 2019, 8:48 AM IST

কলিয়াবৰ,2 জুলাইঃকলিয়াবৰত কিছুদিনৰ পৰা অনাই-বনাই ঘুৰি ফুৰা এগৰাকী মনাসিক বিকাৰগ্ৰস্ত যুৱতীক কলিয়াবৰ তিনিআলিৰ পৰা উদ্ধাৰ কৰে কলিয়াবৰ আৰক্ষীয়ে। দেওবাৰে নগাঁও জিলা ন‍্যায় সেৱা প্ৰাধিকাৰী ৰূপালী গোস্বামী আৰু অধিবক্তা শ্বেহনাজ চুলতানা উপস্থিত হৈ কলিয়াবৰ আৰক্ষীয়ে উদ্ধাৰ কৰা মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীগৰাকীক চমজি লৈ নগাঁৱলৈ লৈ যায়। নগাঁৱৰ মুখ‍্য ন‍্যায়িক দণ্ডাধীশৰ আদেশ মৰ্মে নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ৰ মনোৰোগ চিকিৎসা শাখাত যাৱতীয় চিকিৎসাৰ লগতে চিকিৎসাৰ অন্তত যুৱতী গৰাকীৰ পুনৰ সংস্থাপনৰ দিহা কৰিব বুলি জিলা ন‍্যায় সেৱা প্ৰাধিকাৰীৰ প্ৰতিনিধি অধিবক্তা ৰূপালী গোস্বামীয়ে উল্লেখ কৰে।

কলিয়াবৰত উদ্ধাৰ মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতী

উল্লেখযোগ‍্য যে,নগাঁও জিলাৰ প্ৰশাসনিক বিষয়া তথা জিলা ন‍্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণীতা মৰাঙৰ প্ৰত‍্যক্ষ উদ‍্যোগত সমাজৰ বিভিন্ন স্তৰৰ অৱহেলিত লোকৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে বুলি ৰূপালী গোস্বামীয়ে জানিবলৈ দিয়ে। তাৰ ভিতৰত মানসিক বিকাৰগ্ৰস্ত ৰোগীৰ 'অনুভূতি',শিশু কল‍্যাণৰ বাবে,'ৰঙীন সপোন',জ‍্যেষ্ঠ নাগৰিকৰ বাবে 'স্নেহ বন্ধন' আৰু এচিড আক্ৰমণৰ বলিৰ বাবে'পোহৰ' প্ৰকল্পৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ সেৱা আগবঢ়াই আহিছে। লগতে এনেধৰণৰ বিভিন্ন সমস‍্যাৰ নিবাৰণৰ বাবে ৰাইজৰ প্ৰত‍্যক্ষ সহায়-সহযোগৰ অতিকে প্ৰয়োজন বুলি জনায় অধিবক্তা গোস্বামীয়ে।

ABOUT THE AUTHOR

...view details