কলিয়াবৰ, 18 এপ্ৰিল: শিল্প প্ৰাণ চন্দ্ৰ ফুকন সোঁৱৰণী পৰ্যটন ক্ষেত্ৰ আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত বাসগৃহটিৰ চৌহদত এখনি সাংস্কৃতিক মহাবিদ্যালয় আৰু সংগ্ৰহালয় স্থাপনৰ আহ্বান কুঠৰীবাসীৰ ৷ ইটিভি ভাৰতত কুঠৰীস্থিত সুধাকণ্ঠৰ বাসগৃহটিৰ বাতৰি প্ৰচাৰ হোৱাৰ পাচতেই মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ পদান কুঠৰীবাসীৰ ৷ ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ সংৰক্ষণ কৰিবলৈ সদ্দিচ্ছা নাই বৰ্তমানৰ চৰকাৰৰ (Dr Bhupen Hazarika’s Apon Ghar at Kuthari in Kaliabor) ৷
কুঠৰী অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কুঠৰীৰ ৰাইজৰ ৷ কুঠৰী বুঢ়াপাহাৰ অঞ্চলত এখনি মহাবিদ্যালয় স্থাপন কৰা, শিল্প প্ৰাণ চন্দ্ৰ ফুকন সোঁৱৰণী পৰ্যটন ক্ষেত্ৰ মুকলি কৰা, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত বাসগৃহটিৰ চৌহদত এখনি সাংস্কৃতিক মহাবিদ্যালয় আৰু সংগ্ৰাহালয় স্থাপন কৰা, কুঠৰীত বাগৰী আৰক্ষী চকীৰ অধীনত এখন অগ্নিনিৰ্বাপক বাহনৰ ব্যৱস্থা গ্ৰহণ কৰাকে ধৰি 10 টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ কুঠৰীৰ ৰাইজে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত প্ৰদান কৰে (Memorandum to CM at Kuthari Kaliabor) ৷
উল্লেখযোগ্য যে, ড৹ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত বাসগৃহটি সংৰক্ষণৰ বাবে লগতে বাসগৃহটিৰ চৌহদত এখনি সাংস্কৃতিক মহাবিদ্যালয় আৰু সংগ্ৰহালয় স্থাপনৰ দাবী দিৰ্ঘদিনে কুঠৰীবাসীয়ে উত্থাপন কৰি আহিছে ৷ কিন্ত এই দাবীৰ প্ৰতি কোনো কোনো কাণসাৰ নাই বৰ্তমানৰ চৰকাৰৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ মাজুলীত বহা প্ৰথমখন কেবিনেট বৈঠকত ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহটোৰ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ কিন্তু আইনী জটিলতাৰ তথা বৰ্তমানৰ চৰকাৰৰ অমনোযোগিতাৰ বাবে স্থবিৰ হৈ ৰ’ল ড৹ ভূপেন হাজৰিকা সংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা ।