কলিয়াবৰ,19 মে':কৰ'ণাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে কলিয়াবৰ ছাত্ৰ সন্থাই চক্ৰ বিষয়াৰ জৰিয়তে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তলৈ প্ৰেৰণ কৰিছে ৷ কলিয়াবৰত ক'ভিড সংক্ৰমণ নিয়ন্ত্ৰণ, চিকিৎসাৰ তৎকালীন ব্যৱস্থা ল'বলৈ আৰু ক'ভিডত আক্ৰান্ত হোৱা ৰোগীসকলক সকলো ধৰণৰ সা-সুবিধা লাভ কৰিব পৰাকৈ এটি ক'ভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণৰ দাবী জনাই সংগঠনটোৱে ৷
শেহতীয়াভাৱে ৰাজ্যৰ জনগণে ক'ভিডৰ সৈতে যুঁজিবলৈ প্ৰতিষেধক বিচাৰি হাবাথুৰি খাবলগীয়া হোৱা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিগৰাকী লোকে যাতে সুকলমে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰে, তাৰ বাবে উপযুক্ত ব্যৱস্থা কৰিবলৈ স্বাস্থ্যমন্ত্ৰী গৰাকীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷