নগাঁও, 5 অক্টোবৰ: বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ পৰা বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দলৈ প্ৰায় চাৰিশ কিলোমিটাৰৰ দুঃসাহসিক যাত্ৰা আৰম্ভ কৰা তিনিজনীয়া যুৱকৰ দলটো দেওবাৰে উপস্থিত হয় কলিয়াবৰত ৷ ইয়াৰ পাছতে কলিয়াবৰৰ ঐতিহাসিক হাতীমূৰা দূৰ্গা মন্দিৰৰ পাদদেশৰ লুইতৰ পাৰত নিশাটো অতিবাহিত কৰে তিনিওগৰাকী যুৱকে ৷ আজি পুৱাই পুনৰ উমানন্দ অভিমূখে যাত্ৰা আৰম্ভ কৰিছে যুৱককেইজনে ৷
উল্লেখ্য যে, মাজুলীৰ কাৰ্তিক চাপৰিৰ পৰা বাঁহেৰে নিৰ্মিত এখন ভুৰ "মেলেং দ্য চিবুক"ৰে উমানন্দলৈ বুলি এক দুঃসাহসিক যাত্ৰা আৰম্ভ কৰিছে ৰিছান দলে, শেখৰ বৰদলৈ নামৰ দুজন যুৱকে ৷ যুৱক দুজনক সহায়ৰ বাবে তেঁওলোকৰ লগত যাত্ৰা কৰিছে নয়ন বৰদলৈ নামৰ আন এজন যুৱকে ৷