নগাঁও, 29 ছেপ্টেম্বৰঃনগাঁৱৰ হয়বৰগাঁৱত দেওবাৰে সন্ধিয়া মেঘালয় আৰক্ষীৰ তীব্ৰ অভিযান । অভিযানত উদ্ধাৰ হয় মেঘালয়ৰ এখন চুৰি ট্ৰাক । ট্ৰাক চুৰিত হয়বৰগাঁৱৰে এগৰাকী ব্যৱসায়ী জড়িত থকাৰ অভিযোগ উত্থাপন । উল্লেখ্য যে, যোৱা ৯ ছেপ্টেম্বৰত মেঘালয়ৰ জোঁৱাই জিলাৰ এখন পে’ট্ৰল পাম্পৰ পৰা চুৰি হৈছিল ML 04B 2274 নম্বৰৰ এখন ট্ৰাক ।
নগাঁৱত মেঘালয় আৰক্ষীৰ অভিযান - মেঘালয় আৰক্ষী
নগাঁৱৰ গেৰেজত উদ্ধাৰ মেঘালয়ৰ চুৰি ট্ৰাক । ট্ৰাক চুৰিত ব্যৱসায়ী জড়িত থকাৰ অভিযোগ ।
এখন বগা ৰঙৰ চুইফ্ট ডিজায়াৰ গাড়ী ব্যৱহাৰ কৰি এটা কুখ্যাত চক্ৰই ট্ৰাকখন চুৰি কৰি লৈ আহিছিল নগাঁৱলৈ । নগাঁৱৰ হয়বৰগাঁৱৰ এটা গেৰেজত গাড়ীখনৰ ৰং সলনি কৰাৰ লগতে সলনি কৰিছিল ট্ৰাকখনৰ নম্বৰ প্লেট । এখন টেম্পোৰ AS 09C 8180 নম্বৰ ব্যৱহাৰ কৰি গেৰেজত ৰাখিছিল ট্ৰাকখন । মেঘালয় আৰক্ষীয়ে পে’ট্ৰল পাম্পৰ চি.চি.টি.ভিৰ ফুটেজৰ সহায়ত চুইফ্ট ডিজায়াৰখনৰ সন্ধান লাভ কৰি নগাঁৱৰ হয়বৰগাঁও আৰক্ষীক যোগাযোগ কৰিছিল ৷ অৱশ্যে এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই চুইফ্ট ডিজায়াৰ বাহনখন ।
অৱশেষত দেওবাৰে সন্ধিয়া মেঘালয় আৰক্ষীৰ এটা দলে অভিযান চলাই হয়বৰগাঁৱৰ গেৰেজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ট্ৰাকখন । দেওবাৰে চলোৱা অভিযানৰ সময়ত উপস্থিত থাকে নগাঁও আৰক্ষীৰ এটা দল । উল্লেখযোগ্য যে, ট্ৰাকখনৰ চুৰি কাৰ্যত ব্যৱহৃত চুইফ্ট ডিজায়ৰৰ স্বত্বাধিকাৰী অৰুণ জৈন উপাধিৰ এগৰাকী ব্যৱসায়ীয়ে ট্ৰাকখন গেৰেজত ৰখা বুলি জনালে গেৰেজৰ স্বত্বাধিকাৰীয়ে । এতিয়া সমগ্ৰ ঘটনাই কাৰ্যই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ।