অসম

assam

ETV Bharat / state

নগাঁৱত মেগা টীকাকৰণ শিবিৰৰ আয়োজন - ক'ভিশ্বিল্ড

সোমবাৰৰ পৰা নগাঁও জিলাত আৰম্ভ হৈছে মেগা টীকাকৰণ শিবিৰ(MEGA VACCINATION CAMP) । জিলা স্বাস্থ্য সমিতিৰ সহযোগত এই টীকাকৰণ শিবিৰৰ আয়োজন কৰিছে নগাঁও জিলা প্ৰশাসনে । ১৮ হাজাৰতকৈ অধিক লোকক ক'ভিড-১৯(Covid-19)ৰ প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ।

Mega vaccination camp at Nagaon
নগাঁৱত মেগা টীকাকৰণ শিবিৰৰ আয়োজন

By

Published : Jul 12, 2021, 12:13 PM IST

নগাঁও, ১২ জুলাই: ৰাজ্যত ক'ভিড-১৯(Covid-19)ৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালকৈ টীকাকৰণ অভিযানো খৰতকীয়া কৰাৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে । ৰাজ্যৰ আন আন জিলাৰ লগতে নগাঁও জিলাতো পূৰ্ণগতিত চলিছে টীকাকৰণ অভিযান । সোমবাৰৰ পৰা নগাঁও জিলাত আৰম্ভ হৈছে মেগা টীকাকৰণ শিবিৰ(MEGA VACCINATION CAMP) ।

নগাঁও জিলা প্ৰশাসনে জিলা স্বাস্থ্য সমিতিৰ সহযোগত এই টীকাকৰণ শিবিৰৰ আয়োজন কৰিছে । ১৮ হাজাৰতকৈ অধিক লোকক ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে । ক'ভিশ্বিল্ড(Covishield) আৰু কোভাক্সিন(Covaxin) প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰা হৈছে । ইফালে, যোৱা ২১ জুনৰ পৰা সমগ্ৰ জিলাতে বৰ্ধিত টীকাকৰণ অভিযান আৰম্ভ কৰা হৈছে ।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি দিনে ৰাজ্যত ৩ লাখ লোকৰ টীকাকৰণ সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছিল । ৰাজ্যিক ভিত্তিত ক'ভিড-১৯ত আক্ৰান্তৰ হাৰ কিছু হ্ৰাস পাইছে যদিও বহু কেইখন জিলাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । ৰাজ্যৰ ৯ খন জিলাত শতাধিক লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছে ।

বৰ্তমান ৰাজ্যৰ সাতখন জিলাত ২৪ ঘণ্টাৰ বাবে সান্ধ্য আইন বলৱৎ হৈ আছে । এতিয়া ৰাজ্যত দৈনিক সৰ্বাধিক আক্ৰান্ত হোৱা জিলাৰ তালিকাত শীৰ্ষত আছে গোলাঘাট জিলা । একেদৰে যোৰহাট, শোণিতপুৰ, শিৱসাগৰ, ডিব্ৰুগড়, নগাঁও আদি জিলাতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মহামাৰীৰ সংক্ৰমণ । এই জিলাসমূহত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব দিছে চৰকাৰে ।

আনহাতে, গুৱাহাটী মহানগৰীত বিগত কেইটামান দিনত তুলনামূলকভাৱে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । সান্ধ্য আইনৰ আংশিকভাৱে শিখিল কৰি দিয়াৰ পাছতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । দৈনিক আক্ৰান্তৰ সংখ্যা ২৫০ গৰাকীতকৈ অধিক হ'লে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড1 হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সকীয়াই দিছে ।

লগতে পঢ়ক: 40 দিনত 20 বাৰ গুলীচালনা: অসম আৰক্ষীৰ বিৰুদ্ধে "ভূৱা এনকাউণ্টাৰ" ৰ অভিযোগ

ABOUT THE AUTHOR

...view details