অসম

assam

ETV Bharat / state

শীঘ্ৰে মধ্য অসমত দূৰ হ'ব বিদ্যুৎ নাটনিৰ সমস্যা - বিদ্যুৎ চুৰি

নগাঁৱৰ চামগুৰিত উদ্ধোধন মেগা ট্ৰেন্সফৰ্মাৰ । নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ পাৱাৰ গ্ৰীড যোগে চামগুৰিস্থিত পাৱাৰ ষ্টেচনৰ পৰা ২৪ ঘণ্টা বিদ্যুৎ যোগান ধৰিবৰ বাবে এই বিশেষ সংযোজন কৰা হৈছে বুলি জানিবলৈ দিয়ে এ পি ডি চি এলে ।

mega transformer
mega transformer

By

Published : Jun 20, 2020, 9:52 PM IST

নগাঁও, 20 জুন : মধ্য অসমৰ লগতে বিশেষকৈ তিনিখন জিলাৰ জনসাধাৰণৰ বাবে আহিছে এটা ভাল খবৰ। প্ৰধানকৈ গ্ৰীষ্মকালত ৰাজ্যৰ সঘনাই দেখা দিয়া বিদ্যুতৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক নিয়মীয়া বিদ্যুৎ যোগানৰ সুবিধাৰ্থে চামগুৰিত শনিবাৰে উদ্বোধন কৰা হ'ল এটা মেগা ট্ৰান্সফৰ্মাৰ । নগাঁও, মৰিগাঁও আৰু হোজাই জিলাত পাৱাৰ গ্ৰীড যোগে চামগুৰিস্থিত পাৱাৰ ষ্টেচনৰ পৰা ২৪ ঘণ্টা বিদ্যুৎ যোগান ধৰিবৰ বাবে এই বিশেষ সংযোজন কৰা হৈছে বুলি জানিবলৈ দিয়ে এপি ডি চি এলে ।

শীঘ্ৰে মধ্য অসমত দূৰ হ'ব বিদ্যুৎ নাটনিৰ সমস্যা

শক্তি বিভাগৰ বহু কেইজন উচ্চপদস্থ বিষয়াৰ উপস্থিতত APDCL, AEGCL আৰু APGCL-ৰ অধ্যক্ষ ভি.পি.পিপাৰচেনীয়াই নাৰিকল ভাঙি শুভ উদ্বোধন কৰে 160MVA শক্তি সম্পন্ন মেগা ট্ৰান্সফৰ্মাৰটো । উল্লেখ্য যে, এই শুভ উদ্বোধনী অনুষ্ঠানটোত বিদ্যুৎ চুৰি ৰোধৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা আশ্চৰ্যজনকভাবে মৌনতা অৱলম্বন কৰিলে পিপাৰচেনীয়াই। অৱশ্যে চামগুৰিস্থিত AECB কন্ট্ৰ'ল ৰুম এলেকাত সংস্থাপিত কৰা উচ্চ ক্ষমতাসম্পন্ন মেগা ট্ৰান্সফৰ্মাৰটোৱে মধ্য অসমৰ জিলা কেইখনত পূৰ্বতকৈ অধিক সুচাৰুৰূপে শক্তি বিতৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি সদৰী কৰে শক্তি বিভাগৰ বহু কেইজন উচ্চ পদস্থ বিষয়াই ।

লগতে পঢ়ক :নিশা হ'লেই নগাঁৱৰ বাইপাছত চলে বন্দুকধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস

ABOUT THE AUTHOR

...view details