ধিং, ৫ মাৰ্চ: শুকুৰবাৰে লাহৰিঘাট মহাবিদ্যালয়ৰ ২১তম আৰু লাহৰিঘাট কণিষ্ঠ মহাবিদ্যালয়ৰ ৩৩তম নৱাগত আদৰণি সভা অনুষ্ঠিত হয় । নৱাগত আদৰণি সভাৰ তত্বাৱধায়ক ও অধ্যাপক মজিবুৰ ৰহমান চাহাবৰ প্ৰচেষ্টাত আৰু ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত উলহ-মালহেৰে নাচ-গান, নতুন ছাত্ৰ-ছাত্ৰীসকলৰ পৰিচয়, কৌতুকৰ মাজতে নৱাগত আদৰণি সভা অনুষ্ঠিত হয় ।
লাহৰিঘাট মহাবিদ্যালয়ত নৱাগত আদৰণি সভা
লাহৰিঘাট মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা । নৱাগত আদৰণি সভাৰ তত্বাৱধায়ক ও অধ্যাপক মজিবুৰ ৰহমান চাহাবৰ প্ৰচেষ্টাত আৰু ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত অনুষ্ঠিত নৱাগত আদৰণি সভা ।
লাহৰিঘাট মহাবিদ্যালয়ত নৱাগত আদৰণি সভা
লগতে দিনৰ ১ বজাৰ পৰা ৩ বজালৈকে মুকলি সভা অনুষ্ঠিত হয় । সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ছফিৰ উদিন ছাৰৰ সাৰুৱা ভাষণেৰে ন-পুৰনি ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা জগতৰ বহুতো মূল্যৱান কথা জানিবলৈ সক্ষম হয় ।