অসম

assam

By

Published : Mar 26, 2021, 1:01 PM IST

ETV Bharat / state

জনসমুদ্ৰত পৰিণত মৈৰাবাৰী ইন্দিৰা খেলপথাৰ

পোন্ধৰ সহস্ৰাধিক ৰাইজৰ সন্মুখত মেহবুব মোক্তাৰে কেবাটাও প্ৰতিশ্ৰুতি দিয়ে । তেজ দি হ'লেও গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি দিয়ে জনতাক । ছাত্ৰ বৃত্তিৰ প্ৰ-পত্ৰ কেঞ্চাৰ ৰোগীৰ সাহায্যৰ প্ৰ-পত্ৰৰ নামতো ঘোচ লোৱা আমিনুলক জেলত ভৰাব বুলিও হুংকাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰৰ ।

জনসমুদ্ৰত পৰিণত মৈৰাবাৰী ইন্দিৰা খেলপথাৰ
জনসমুদ্ৰত পৰিণত মৈৰাবাৰী ইন্দিৰা খেলপথাৰ

ধিং, ২৬ মাৰ্চ: শনিবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে অন্ত পৰাৰ সমান্তৰালকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ ৰাজনৈতিক দলসমূহে প্ৰস্তুতি চলাইছে ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে জনসমুদ্ৰত পৰিণত মৈৰাবাৰী ইন্দিৰা খেলপথাৰ ।

জনসমুদ্ৰত পৰিণত মৈৰাবাৰী ইন্দিৰা খেলপথাৰ

নগাঁও জিলাৰ ধিং সমষ্টিৰ মৈৰাবাৰী ইন্দিৰা খেল পথাৰত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰৰ সভাত প্ৰায় পোন্ধৰ সহস্ৰাধিক লোক উপস্থিত থাকি জনসমুদ্ৰত পৰিণত হয় । লক্ষ্যণীয় বিষয়টো এয়ে যে, মেহবুব মোক্তাৰৰ কোনো ষ্টাৰ কেম্পেইনাৰ, আকৰ্ষণীয় পেণ্ডেল নথকাৰ পাচতো এইদৰে জনসমুদ্ৰত পৰিণত মৈৰাবাৰী ইন্দিৰা খেলপথাৰ । সভাত উপস্থিত থাকি মেহবুব মোক্তাৰে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে । আমিনুল ইছলামে ১০ বছৰে যি কৰিব নোৱাৰিলে সেয়া তেওঁ আঢ়ৈ বছৰত কৰি দেখুৱাব বুলি প্ৰায় ১৭ টা বছৰে সাংবাদিকতা কৰি ৰাইজৰ সেৱা আগবঢ়োৱা মেহবুব মুক্তাৰে এইদৰে প্ৰত্যাহ্বান জনায় ।

এইদৰে, পোন্ধৰ সহস্ৰাধিক ৰাইজৰ সন্মুখত মেহবুব মোক্তাৰে কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে । তেজ দি হ'লেও গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি দিয়ে জনতাক । ছাত্ৰ বৃত্তিৰ প্ৰ-পত্ৰ, কেঞ্চাৰ ৰোগীৰ সাহায্যৰ প্ৰ-পত্ৰৰ নামতো ঘোচ লোৱা আমিনুলক জেলত ভৰাব বুলিও হুংকাৰ দিয়ে মেহবুব মোক্তাৰে । ইয়াৰোপৰিও, তেওঁ বিধায়ক হোৱাৰ পিছত নিজৰ মাহিলী দৰমহাৰ পৰা মাত্ৰ ১ টকা হাতত ৰাখি বাকী টকা দুখীয়া মানুহক ভগাই দিব বুলিও ঘোষণা কৰে । ইফালে ধিঙতো মেহবুবৰ হৈ এক বৃহৎ সাংস্কৃতিক ৰেলী উলিওৱা হয় । এই ৰেলীত শতাধিক পুৰুষ মহিলাই ভাগ লয় ।

লগতে পঢ়ক: স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হোজাই জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details