নগাঁও,4 এপ্ৰিলঃদিল্লীৰ নিজামুদ্দিনৰে সম্পৰ্ক নথকা গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ প্ৰথমজন ব্যক্তি কৰ’ণাত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছত তৎপৰ হৈছে নগাওঁ জিলা প্ৰশাসন । কৰ’ণাত আক্ৰান্ত লোকজন নগাঁৱৰ এগৰাকী ব্যৱসায়ী বুলি ইতিমধ্যে জানিব পৰা গৈছে ৷ ক’ভিড ১৯ ৰ উপস্থিতি ধৰা পৰাৰ পিছত ব্যৱসায়ীজনৰ বাসগৃহত শনিবাৰে উপস্থিত হয় নগাঁৱৰ স্বাস্থ্য বিভাগৰ এটা দল । ব্যক্তিগৰাকীৰ পৰিয়ালৰ সদস্যৰ লগতে বনকৰা মহিলা, ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী সহ মুঠ ১১জন লোকক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে ৷ উল্লেখ্য যে, বৰ্তমান আছুতীয়া কক্ষত ৰখা আটাইকেইজনক লোক সংস্পৰ্শলৈ আহিছিল ক’ভিড ১৯ ত আক্ৰান্ত লোকজনৰ সৈতে ।
মহানগৰীৰ ক’ভিড আক্ৰান্তৰ নগাঁৱৰ বাসগৃহত স্বাস্থ্য বিভাগৰ দল - ক’ভিড 19
মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ ক’ভিড 19 ত আক্ৰান্ত ব্যক্তিগৰাকীৰ নগাঁৱৰ বাসগৃহত শনিবাৰে উপস্থিত স্বাস্থ্য বিভাগৰ এটা দল ৷ ব্যক্তিগৰাকীৰ পৰিয়ালৰ সদস্যৰ লগতে বনকৰা মহিলা, ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী সহ মুঠ ১১জন লোকক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে ৷
আনহাতে, গুৱাহাটীৰ ব্যৱসায়ী গৰাকীৰ বাসগৃহত তিনিদিন কটাইছিল ডিব্ৰুগড়ৰ এগৰাকী পঞ্চাশোৰ্ধৰ মহিলাই ৷ সেয়ে বৰ্তমান ডিব্ৰুগড়তো সৃষ্টি হৈছে একপ্ৰকাৰৰ আতংক । মহিলা গৰাকীয়ে 20মাৰ্চত ব্যৱসায়ী গৰাকীৰ ঘৰৰ পৰা ডিব্ৰুগড়ৰ নিজ ঘৰলৈ ঘূৰি আহিছিল । ইতিমধ্যে স্বাস্থ্য বিভাগে মহিলাগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰাৰ লগতে নমুনা সংগ্ৰহ কৰি আইচিএমআৰলৈ প্ৰেৰণ কৰিছে । এই পৰ্যন্ত কৰ’ণামুক্ত হৈ আছে সমগ্ৰ ডিব্ৰুগড় জিলা । কিন্তু জিলাখনত বৰ্তমানলৈকে 3,624 গৰাকী লোকক হোম কোৱাৰেণ্টাইনত ৰাখিছে । যদিহে পৰিয়ালটোৰ সদস্যসকলৰ দেহত ক’ভিড 19 ৰ উপস্থিতি ধৰা পৰে, তেন্তে ছীল কৰাৰ সম্ভাৱনা আছে উক্ত অঞ্চলটো । বৰ্তমানলৈ ডিব্ৰুগড় জিলাৰ মুঠ 244 জন লোকৰ নমুনা সংগ্ৰহ কৰি আইচিএমআৰলৈ প্ৰেৰণ কৰা হৈছে ।