অসম

assam

ETV Bharat / state

মিকিৰ বামুণী গ্ৰান্টক লৈ প্ৰতিক্ৰিয়া মেধা পাটকাৰৰ

মিকিৰ বামুণী গ্ৰাণ্টক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মেধা পাটকাৰে । অসমৰ নগাঁও জিলাৰ মিকিৰ বামুণী গ্ৰান্টৰ কাৰ্বি জনগোষ্ঠীয় লোক সকল যি অন্যায়ৰ সন্মুখীন হৈছে, এয়া বাস্তৱিকতে কৃষকৰ ওপৰত অত্যাচাৰ বুলি মন্তব্য পাটকাৰৰ ৷

Medha patekar
মিকিৰ বামুণী গ্ৰান্টক লৈ প্ৰতিক্ৰিয়া মেধা পাটকাৰৰ

By

Published : Aug 30, 2021, 9:39 PM IST

নগাঁও, 30 আগষ্ট : নগাঁৱৰ মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকক উচ্ছেদ কৰি এটা ব্যক্তিগত কোম্পানীয়ে সৌৰ শক্তিৰ প্ৰকল্প নিৰ্মাণ কৰা কৰাক লৈ অব্যাহত আছে কৃষকসকলৰ বিক্ষোভ । ধৰ্ণা প্ৰতিবাদ অব্যাহত ৰাখিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও সংগঠনে । আনকি, এই ভূমিক লৈ বিধায়ক জিতু গোস্বামী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ । ইয়াৰ মাজতে মিকিৰ বামুণী গ্ৰাণ্টক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মেধা পেটেকাৰে ।

সুদূৰ সিংঘু সীমান্তত কৃষি আইন বাতিলৰ দাবীত কৃষক সকলৰ লগত আন্দোলন কৰি থকা অৱস্থাৰ পৰা মেধা পাটেকাৰে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । অসমৰ নগাঁও জিলাৰ মিকিৰ বামুণী গ্ৰান্টৰ কাৰ্বি জনগোষ্ঠীয় লোক সকল যি অন্যায়ৰ সন্মুখীন হৈছে, এয়া বাস্তৱিকতে কৃষকৰ ওপৰত অত্যাচাৰ । কৃষকৰ ভূমি কাঢ়ি সৌৰ প্ৰকল্প কৰা কাৰ্যৰ আমি বিৰোধী । সৌৰ প্ৰকল্প ঘৰে ঘৰে কৰিব পৰা গ'ল হেঁতেন ।

মিকিৰ বামুণী গ্ৰান্টক লৈ প্ৰতিক্ৰিয়া মেধা পাটকাৰৰ

উল্লেখযোগ্য, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ কৰ্পৰেট কেন্দ্ৰিক ৩ খন কৃষি আইন বাতিলৰ দাবীত লক্ষ লক্ষ কৃষকে দিল্লী ঘেৰাও কৰি ৰখা ভাৰতৰ ঐতিহাসিক কৃষকৰ বিপ্লৱে ৯ মাহ অতিক্ৰম কৰাৰ উপলক্ষে দিল্লীত ১৫০০ সৰ্ব ভাৰতীয় কৃষক নেতা কৰ্মীৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে ।

প্ৰায় ৫০০ কৃষক সংগঠন জৰিত "সময়োকত কিষাণ মৰ্চাৰ" এই দুদিনীয়া কাৰ্যসূচীত all india kisan Sangharsh Coordination Committee, অসমৰ হৈ প্ৰতিনিধিত্ব কৰে জয়ন্ত গগৈ (AIKS) আৰু প্ৰণৱ দলে’য়ে(JKSS) ৷

উক্ত সভাত ভাৰতৰ বৰ্তমান কৰ্প’ৰেটৰ হাতত বিক্ৰী যোৱা আৰু হিন্দু তালিবানী ৰাজনৈতিক ব্যৱস্থাৰ বিৰুদ্ধে ভাৰতীয় সংবিধান ৰক্ষা কৰাৰ বাবে এই কৃষক আন্দোলনৰ গুৰুত্বক বিস্তাৰিত ৰূপত আলোচনা কৰা হয় লগতে কৰ্মসূচীৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । অসমৰ হৈ প্ৰণৱ দলে'য়ে সভাত অসমীয়া কৃষক তথা অসমৰ কৃষি খণ্ডৰ জৰাজীৰ্ণ অৱস্থাৰ কথা দাঙি ধৰে ।

ABOUT THE AUTHOR

...view details