নগাঁও, 31 আগষ্ট :নগাঁৱৰ অৰ্ণৱ কলিতা, ফাৰহানা ছাহিন, ৰিজোৱানা য়েছমিনৰ মুখত এতিয়া হাঁহি ৷ বৈছে আনন্দৰ বন্যা । হাঁহিৰ কাৰণ আন একো নহয় । NEET উত্তীৰ্ণ হৈ নিজ জন্ম স্থানতে চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ সুযোগ লাভ কৰিছে অৰ্ণৱ কলিতা, ফাৰহানা ছাহিন, ৰিজোৱানা য়েছমিনৰ লগতে বহু কেইগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে । অহা 1 ছেপ্টেম্বৰ অৰ্থাৎ শুকুৰবাৰৰ পৰা নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্ৰম আৰম্ভ হ’ব ।
নতুনকৈ স্থাপিত নগাঁও মহাবিদ্যালয়তো অধ্যয়নৰ বাবে নগাঁৱৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিয়ালৰ লোকক লগত লৈ উপস্থিত হৈ বুজ লৈছে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ হোষ্টেলৰ থকা-খোৱাৰ সা-সুবিধাবোৰ । নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ MBBS ৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী হিচাপে নিজকে লৈ গৌৰৱাম্বিত ছাত্ৰ-ছাত্ৰী ।
নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ লগতে কোকৰাঝাৰ, নলবাৰী চিকিৎসা মহাবিদ্যালয়তো অহা 1 ছেপ্টেম্বৰৰ পৰা প্ৰথমবাৰৰ বাবে আৰম্ভ হ'ব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম । অহা 1 ছেপ্টেম্বৰত নগাঁও চিকিৎসা মহাবিদ্যালয়তে নতুনকৈ পাঠ্যক্ৰমৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।