মায়ঙত তীৰ খেলৰ ঘাটি উচ্ছেদ - মায়ং
মায়ঙৰ বুৰাবুৰীত তীৰৰ ঘাটি উচ্ছেদ ৷ আটক এজনক ৷ তীৰ বিক্ৰেতাজনৰ পৰা জব্দ নগদ ধনৰ লগতে তীৰৰ টিকট

তীৰ খেলৰ ঘাটি উচ্ছেদ
মায়ং, 26 এপ্ৰিল : মায়ং থানাৰ অৰ্ন্তগত বুৰাবুৰীত তীৰৰ ঘাটি উচ্ছেদ ৷ মায়ং আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে তীৰ খেলৰ এজন বিক্ৰেতাক । আৰক্ষীয়ে তীৰ বিক্ৰেতাজনৰ পৰা জব্দ কৰিছে নগদ ধনৰ লগতে তীৰৰ টিকট । দীৰ্ঘদিন ধৰি অঞ্চলটোত তীৰ খেলৰ জৰিয়তে নৱ প্ৰজন্মক বিপথে পৰিচালিত কৰা তীৰ খেলৰ বিক্ৰেতাগৰাকী হৈছে নগেন্দ্ৰ দাস । আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে লোকজনক ৷
তীৰ খেলৰ ঘাটি উচ্ছেদ