নগাঁও, 5 ফেব্ৰুৱাৰী :মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ । সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কিন্তু প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে নগাঁও আৰক্ষীয়ে ৷ আনকি, প্ৰতিবাদকাৰীয়ে লৈ যোৱা জুমুঠিও হস্তক্ষেপ কৰে আৰক্ষীয়ে ৷
উল্লেখ্য যে, পেট্ৰ'ল-ডিজলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰিবলৈ নগাঁৱৰ নতুন বজাৰস্থিত সংগঠনটোৰ কাৰ্যালয়ৰ পৰা ঘাইপথ অভিমুখে ৰাওনা হোৱাৰ সময়তে বাধা প্ৰদান কৰে নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে । প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰাক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । ইফালে, আৰক্ষীৰ তীব্ৰ বাধাকো নেওচি সমদল কৰি আগবঢ়াৰ চেষ্টা প্ৰতিবাদকাৰীৰ । ফলত তীব্ৰ সংঘাতৰ সৃষ্টি হয় আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত ।