নগাঁও, 7 ছেপ্তেম্বৰ :গেৰুকামুখৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে শেহতীয়াকৈ অধিক তৎপৰ হৈ পৰিছে এন এইচ পি চি কৰ্তৃপক্ষ । ৰাজ্যজুৰি নিশা সান্ধ্য আইন প্ৰত্যাহ্বাৰ কৰাৰ পিচতেই প্ৰথমবাৰৰ বাবে নদীবান্ধৰ সামগ্ৰী সৰবৰাহ আৰম্ভ কৰিছে নদীবান্ধ নিৰ্মাণৰ দায়িত্বত থকা প্ৰতিষ্ঠানটোৱে । দেওবাৰে নিশা প্ৰতিষ্ঠানটোৰ নগাঁৱৰ শেনচোৱাস্থিত গুদামৰ পৰা চাৰিটাকৈ বৃহৎ ট্ৰেন্সফৰ্মাৰ ভৰ্তি কৰি গেৰুকামুখলৈ ৰাওনা হোৱাৰ সময়তে বাহনখন উৰীয়গাঁৱত সন্মুখীন হয় তীব্ৰ প্ৰতিবাদৰ ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে চাৰিখনকৈ সামগ্ৰী কঢ়িওৱা বাহন আৱদ্ধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । সংগঠনটোৰ নেতা কৰ্মীয়ে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিস্থিতি । সংগঠনটোৱে কোনো কাৰণত এন এইচ পি চি ৰ বাহনকেইখন নগাঁও অতিক্ৰম কৰি যাবলৈ নিদিয়াৰ হুংকাৰো প্ৰদান কৰে ।