অসম

assam

ETV Bharat / state

ক্ৰমশঃ জটিল হৈ পৰিছে কাজিৰঙাৰ বান পৰিস্থিতি - বিশ্ব ঐতিহ্য ক্ষেত্র

বছৰৰ দ্বিতীয়টো বানৰ কবলত বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যান । ইতিমধ্যে ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ প্রায় ৮০ শতাংশ এলেকা প্লাৱিত কৰিছে ৷

কাজিৰঙাৰ বান পৰিস্থিতি
কাজিৰঙাৰ বান পৰিস্থিতি

By

Published : Jul 13, 2020, 11:11 AM IST

Updated : Jul 13, 2020, 11:34 AM IST

নগাঁও, 13 জুলাইঃ কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়নী পানীৰ কবলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । বিগত তিনিদিনে হৈ থকা বৰষুণৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । মহাবাহুৰ বাঢ়নী বানীয়ে বুৰাইছে ৰাষ্ট্ৰীয় উদ্যান খনৰ বিস্তীৰ্ণ অঞ্চল । সম্প্ৰতি সংকটৰ সন্মুখীন হৈছে জলমগ্ন কাজিৰঙাৰ জীৱকুল । কাজিৰঙাৰ মাজেৰে পাৰ হোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে প্ৰাণৰ সংকটত ওলাই অহা জীৱকুৱৰ মুক্ত বিচৰণ । নিৰাপদ স্থানৰ সন্ধানত কাজিৰঙাৰ জীৱকুলে ঢাপলি মেলিছে কাৰ্বি পাহাৰৰ দিশে ।

নিৰাপদ স্থানৰ সন্ধানত কাজিৰঙাৰ জীৱকুলে ঢাপলি মেলিছে কাৰ্বি পাহাৰৰ দিশে

উল্লেখ্য যে, কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰছোৱাৰ লগতে বানত বুৰ গৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপতে থকা কেইবাটাও বাট-পথ । 37 নং ৰাষ্ট্ৰীয় ঘাইপথত জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি, যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগৰ লোকে টাইম কাৰ্ড দিয়া আৰম্ভ কৰিছে । যান-বাহন আইন ভংগকাৰী সকলৰ বাবে 9 হাজাৰ টকাৰ জৰিমনা নিৰ্ধাৰণ কৰিছে উদ্যান কৰ্তৃপক্ষই । কিয়নো ইতিমধ্যেই যাত্ৰীৰ বাহনৰ খুন্দাত মৃত্যুমুখত পৰিছে বহু জীৱ জন্তু ৷ উদ্যানখনত বৰ্তমানলৈ মুঠ ১২৫ টা বন শিবিৰ প্লাৱিত হৈছে ।

অধিক ভয়াৱহ হৈ পৰিছে কাজিৰঙাৰ বান পৰিস্থিতি

লগতে পঢ়কঃব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিস্তীৰ্ণ অঞ্চল

Last Updated : Jul 13, 2020, 11:34 AM IST

ABOUT THE AUTHOR

...view details